Begin typing your search above and press return to search.
উত্তৰ পূবৰ ভোটদাতাসকলৰ সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে উত্তৰ পূবৰ আঠখন ৰাজ্যৰ লগতে ছিকিমত হোৱা ভোটগ্ৰহণত ভোটদাতাসকলৰ সংখ্যা সন্তোষজনক। ভাৰতীয় নিৰ্বাচন আয়োগৰ মন্তব্য অনুযায়ী ত্ৰিপুৰাত প্ৰায় ৮১.৮ শতাংশ ভোটদান হয়, অসমত ভোটদান হয় ৬৮ শতাংশ,মণিপুৰত হয় ৭৮.২ শতাংশ,ছিকিমত হয় ৬৯ শতাংশ,মিজোৰামত ৬০ শতাংশ,নাগালেণ্ডত ৭৮ শতাংশ,মেঘালয় ৬৭.১৬ শতাংশ আৰু অৰুণাচল প্ৰদেশত ৫৮ শতাংশ ভোটদান সম্পন্ন হয় ৷
মেঘালয়,অৰুণাচল, ছিকিম,নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত এককভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ কাৰণ এই ৰাজ্যত ভোটগ্ৰহণ সমাপ্ত হয় ৷ এই মন্তব্য নিৰ্বাচন আয়োগৰ ৷ ছিকিম আৰু অৰুণাচল প্ৰদেশত লোকসভা আৰু বিধানসভা দুয়োটা নিৰ্বাচন যৌথভাৱে অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ কৰ্তৃপক্ষই মন্তব্য কৰে যে মণিপুৰ,বিহাৰ,পশ্চিম বংগ আৰু অন্ধ্ৰপ্ৰদেশত অন্যান্য ১৫ টা বিভিন্ন বিসংগতি বিষয়ৰ লগতে ইভীএমৰ বিসংগতি হয়।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story