উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
Published on

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুদিনয়া ভ্ৰমণসুচীৰে উত্তৰ পূৰ্বাঞ্চলত উপস্থিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী। মংগলবাৰে ইটানগৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৰাহুল গান্ধীয়ে। অৰুণাচল প্ৰদেশৰ লগতে মনিপুৰতো নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে।

দলীয় সুত্ৰয়ে জনোৱা মতে, ৰাহুল গান্ধীৰ উপস্থিতিতে মনিপুৰৰ দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম চুড়ান্ত কৰিব । বৰ্তমানলৈকে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা নাই ।

কংগ্ৰেছেৰ অধক্ষ্য গৰাকীৰ উপস্থিত হোৱাৰ পিছতে শ্বহীদ মিনাৰত শ্ৰদ্ধাঞ্জলি জনাই আৰু ইমা কেইথেলতো উপস্থিত হয় । লগতে স্থানীয় কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মী সকলক সম্বোধন কৰে ।

বুধবাৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে পেলেচ কমপাউণ্ড প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীৰ সৈতে কথোপকথন অনুষ্ঠানত অংশগ্ৰহন কৰিব । কথোপকথন অনুষ্ঠানৰ পাছত হাফটা কাঙজেইবুঙত এক জনসভাত অংশগ্ৰহন কৰিব ।

উল্লেখযোগ্য যে মনিপুৰত কংগ্ৰেছে একেলগে ৩ বাৰকৈ শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল । বিধান সভাৰ ৬০ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল, তাৰ পৰিৱৰ্তে বিজেপিয়ে লাভ কৰিছিল ২১ খন আসনহে । বিজেপিয়ে আন স্থানীয় দল সমুহৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু CLP নেতা অকৰাম ইববিয়ে প্ৰকাশ কৰে যে ৰাহুল গান্ধীৰ মনিপুৰলৈ ভ্ৰমণে স্থানীয় লোক সকলক অনুপ্ৰেৰণা যোগাব। ৰাহুল গান্ধীৰ ভ্ৰমনে বিধানসভা নিৰ্বাচনত যোগাত্মক প্ৰভাৱ পেলাব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com