Begin typing your search above and press return to search.

উত্তৰ পূৰ্বাঞ্চলত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হব: নেছো

উত্তৰ পূৰ্বাঞ্চলত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হব: নেছো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jan 2019 10:55 AM GMT

কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সংসদত গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি উত্তৰ-পূৱ ছাত্ৰ সন্থা চমুকৈ নেছোই ৰবিবাৰে কয় যে কেন্দ্ৰই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিলে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক গণ বিদ্ৰোহৰ পৰিবেশৰ সৃষ্টি হব। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে প্ৰথমৰে পৰা সকলো দল সংগঠনে প্ৰতিবাদ কৰিছে, ইয়াৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে শিলচৰত অনুষ্ঠিত এখন জনসভাত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সংসদত স্পষ্ট ভাষাৰে গৃহীত কৰা হব বুলি মন্তব্য কৰাৰ পিছতে ৰাজ্যত প্ৰতিবাদ আৰু তীব্ৰতৰ হৈ পৰিছে।

নেছোৰ সংগঠক প্ৰীতমবাই চোনমে, নতুন দিল্লীত উত্তৰ পূৱ ছাত্ৰ সংগঠনে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবাদক উপেক্ষা কৰি খিলঞ্জীয়া মানুহৰ আবেগক ভৰিৰে মোহাৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তক অসাংবিধানিক আখ্যা দিয়ে প্ৰেছক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত। চোনমে আকৌ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নিজৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে যুঁজ দি থকাৰ সময়তে বিজেপি শাসিত চৰকাৰ খনে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক আনি ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। নেছোৰ নেতা গৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলে আৰু বিদেশীৰ বোজা গ্ৰহণ নকৰে ইতিমধ্যে এই অঞ্চলৰ বিভিন্ন ৰাজ্যই বিদেশীৰ বোজা গ্ৰহণ কৰি আহিছে। আমি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সমৰ্থন কৰা সকলো ৰাজনৈতিক দলকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব, কাৰণ এই ৰাজনৈতিক দল সমূহে বিধেয়কখন সমৰ্থন কৰি খিলঞ্জীয়া জনসাধাৰণক প্ৰতাৰণা কৰিছে। যুতীয়া সংসদীয় সমিতিৰ সৈতে শ্বিলঙত অনুষ্ঠিত হোৱা এখন বৈঠকত নেছোৱে সংসদীয় সমিতিখনক প্ৰকৃত সত্যৰ বিষয়ে জানিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ অন্য প্ৰান্ত সমূহ পৰিদৰ্শন কৰাৰ বাবে অনুৰোধ কৰিছিলো কিন্তু দুৰ্ভাগ্যজনক ভাবে সংসদীয় সমিতিখনে কোনোধৰণৰ অধ্যয়ণ নকৰাকৈ বিধেয়কখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিলে।

নেছোৰ সংগঠক গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ মৌন হয় থকা কাৰ্য্যকো সমালোচনা কৰে। নেডাৰ অংশীদাৰী দল হিচাপে থকা নাগালেণ্ড পিপ'ল পাৰ্টিয়ে ইতিমধ্যে বিধানসভাত বিধেয়কখনৰ বিৰোধিতা কৰিছে। নেছোই জানুৱাৰীৰ ৮ তাৰিখে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতাৰে ১১ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে। অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি হাৱা বাগাঙে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সমগ্ৰ দেশ বিভাজন কৰিবলৈ চেষ্টা কৰিছে। বাগাঙে আকৌ কয় যে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় আমাৰ হাতত অস্ত্ৰ লৈ খিলঞ্জীয়া নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে নমাত বাহিৰে আন একো বিকল্প নাথাকিব। আজি সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি