উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰাপত্তাৰ দিশত অপাৰেচন গ্ৰুপৰ পৰ্যালোচনা

উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰাপত্তাৰ দিশত অপাৰেচন গ্ৰুপৰ পৰ্যালোচনা
Published on

বুধবাৰে তিনিচুকীয়া জিলাৰ দিনজানত নিৰাপত্তা দিশৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হয় । জেষ্ঠ সেনা বিষয়াৰ লগতে অসামৰিক বাহিনী আৰু অসম, নাগালেণ্ড আৰু অৰুনাচল প্ৰদেশৰ কেন্দ্ৰীয় সেনা আৰক্ষী বাহিনীৰ বিষয়াৰ উপস্থিতিত অপাৰেচন গ্ৰুপ এই বৈঠকত উপস্থিত থাকে ।

এই বৈঠকত উপস্থিত থাকে স্পেয়েৰ ক'ৰপ কামাণ্ডাৰ লেফটেন্টেট জেনেৰেল ৰাজীৱ চিৰহি, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সহকাৰী সম্পাদক সত্যন্দ্ৰ গাৰ্গ, দা'অ ডিভিজনৰ কমাণ্ডিঙ জেনেৰেল অফিচাৰ মেজৰ জেনেৰেল ৰাজেন্দ্ৰ শ্বাহদেৱ , অসমৰ এডিজিপি হাৰমীট সিঙ আৰু অৰুনাচল প্ৰদেশৰ আই জি পি সাগৰ প্ৰীত হুদা উপস্থিত থাকে ।

এই বৈঠকতে উজনি অসম , দক্ষিণ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ নিৰাপত্তা দিশটোৰ পৰ্যালোচনা কৰা হয় ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয় এই বৈঠকতে। নিৰ্বাচনৰ সময়ত প্ৰয়োজনীয় নিৰাপত্তা দিশত আলোচনা কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চল সমূহৰ নিৰাপত্তাৰ দিশত পৰ্যালোচনা কৰা হয় ।

যোৱা বছৰ ১১ নবেম্বৰত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত অপাৰেচন গ্ৰুপ গঠনৰ প্ৰস্তাৱ দিছিল। তাৰ পাছত দিনজানত অপাৰেচন গ্ৰুপৰ ৩ খন ৰাজ্যৰ নিৰাপত্তাৰ দিশৰ সন্দৰ্ভত ৪ খন বৈঠকত মিলিত হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com