উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ধুমুহা- ঢেৰেকনি আৰু বৰষুণ

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ধুমুহা- ঢেৰেকনি আৰু বৰষুণ
Published on: 

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী আৰু দক্ষিন অসমৰ বহু অঞ্চলত প্ৰচণ্ড ধুমুহা-ঢেৰেকনি আৰু বৰষুণ । মংগলবাৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ আৰম্ভ হব বুলি প্ৰকাশ কৰে।

বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে মংগলবাৰৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ধুমুহা, বৰষুণ হব । ২৬ আৰু ২৭ মাৰ্চত অসম, মেঘালয়, নগালেণ্ড, মনিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুনাচল প্ৰদেশত ধুমুহা, ঢেৰেকনি আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমক জনোৱা মতে এইবাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চলিত বৰ্ষত বিজুলী ঢেৰেকনি, ধুমুহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বাংলাদেশত অত্যাধিক গৰমৰ ফলস্বৰূপে বিজুলী, ঢেৰেকনি আৰু বৰষুণৰ সংখ্যা বৃদ্ধি পাব ।

উল্লেখযোগ্য যে দুপৰীয়া সময়ত গুৱাহাটীত হোৱা অন্ধকাৰচন্ন আকাশৰ বাবে যথেষ্ট যানযতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com