উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশীৰ বাবে নহয়: কেন্দ্ৰক সকীয়নি নেছোৰ

উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশীৰ বাবে নহয়: কেন্দ্ৰক সকীয়নি নেছোৰ
Published on

উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছোই নতুন দিল্লীৰ সংসদ ভবনৰ বাহিৰত পালন কৰা ধৰ্ণা কাৰ্য্যসূচীৰ সময়ত কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশী সকলৰ বাবে নহয় বুলি তীব্ৰ সকীয়নি প্ৰদান কৰে।উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনটোৱে বুধবাৰে নতুন দিল্লীত প্ৰস্তাবিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি কয় যে ভাৰত বৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ জনসাধাৰণ কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল বিৰোধী সিদ্ধান্তক ওফৰাবলৈ সাজু হৈ আছে। ধৰ্ণা কাৰ্য্যসূচীৰ সময়ত নেছোৰ বিষয়ববীয়া সকলে কয় যে ভাৰত চৰকাৰে পশ্চিম বংগৰ সীমাৰ পিছফালেও যে দেশৰ এটা অংশ আছে সেই কথা অনুভব কৰা উচিত। উত্তৰ-পূৰ্বাঞ্চলৰ খীলঞ্জীয়া জনসাধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি বঞ্চনা কৰি আহিছে আৰু এতিয়া কেবল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি উত্তৰ-পূৰ্বাঞ্চলত সংস্থাপিত কৰিব বিছাৰিছে। উত্তৰ-পূৰ্বাঞ্চল হিন্দু বাংলাদেশীৰ বাবে ডাষ্টবিন নহয় এইদৰে প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত মন্তব্য কৰে নেছোৰ প্ৰতিনিধি সকলে।নেছোৰ অধ্যক্ষ ছেমুৱেল জেৰোৱাই আৰু সাধাৰণ সম্পাদক চিনম প্ৰকাশ সিঙে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰসংগত কয় যে কেন্দ্ৰীয় চৰকাৰে জোৰ জুলুমকৈ এই বিধেয়ক উত্তৰ-পূৱৰ ওপৰত জাপি দিব বিছাৰিলে চৰকাৰে চৰম মূল্য ভৰিব লাগিব। নেছোৰ ছাত্ৰ নেতা দুজনে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত খীলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব নাশ কৰিব বিছাৰিছে বুলি অভিযোগ কৰে। দিল্লীত পালন কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ উপৰিও বিদেশী সংশোধনী অধ্যাদেশ-২০১৬ আৰু দীৰ্ঘম্যাদী ভিছা প্ৰদানৰো বিৰোধীতা

কৰে। দেশৰ ৰাজধানীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ পূৰ্বে নেছোই উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। নেছোৰ ধৰ্ণা কাৰ্য্যসূচীত উপস্থিত থাকে নেছো আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভটাচাৰ্য্য আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ। অসমত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি উঠিছে আৰু বিভিন্ন দল সংগঠনে এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। অসমৰ ৰাজনৈতিক দল অসম গণ পৰিষদেও নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ প্ৰতিবাদত ৰাজ্যজুৰি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। কংগ্ৰেছে বিজেপি নেতৃত্বাধীন চৰকাৰ খনক বহু সমালোচনাও কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত। আগন্তুক সময়ত লোক সভা নিৰ্বাচনক কেন্দ্ৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ স্থিতি কেনে হব সেয়া লক্ষ্যণীয় হব।সদৌ অসম ছাত্ৰ সন্থাই লটাশিল খেল পথাৰত বিশাল গণ সমাবেশ আয়োজন কৰি ৰাজ্য চৰকাৰক জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ বাবে ইতিমধ্যে হেচা প্ৰয়োগ কৰি আহিছে।সংসদৰ শীত কালীন অধিবেশন চলি থকা কালত নেছোৰ প্ৰতিবাদে যথেষ্ঠ গুৰুত্ব বহন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com