উত্তৰ পূৱৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ:: কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিং

গুৱাহাটীৰ তাজ ভিভান্টাত মঙ্গলবাৰে নীতি(NITI) ফ'ৰামৰ দ্বিতীয় বৈঠকত কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে উল্লেখ কৰে উত্তৰ পূৱৰ আঠখন ৰাজ্যৰ সামগ্ৰিক তথা ক্ষীপ্ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। অৰ্থনৈতিক ভাৱে চাহ উদ্যোগ, বাঁহ শিল্প, মীন উদ্যোগ, পৰ্যটন, দুগ্ধ উদ্যোগৰ উল্লেখনীয় সমল থকা উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ বাবে ডনাৰ মন্ত্ৰালয়ে সদায় কাম কৰি যাব।
উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বিভিন্ন খণ্ডত ৰূপায়ন কৰা উন্নয়ন মূলক আচনি সমূহৰ পৰ্যালোচনাৰ বাবে গুৱাহাটীৰ তাজ ভিভান্টাত নীতি ফৰামৰ দ্বিতীয় বৈঠক খনি অনুষ্ঠিত হয়। উত্তৰ পূৱৰ বাবে বিশেষকৈ আয়োজিত বৈঠক খন নীতি আয়োগৰ উদ্যোগত আৰু ডনাৰ মন্ত্ৰালয়, উত্তৰ পূৱ পৰিষদ আৰু অসম চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হৈ যায়।
উত্তৰ পূৱৰ সকলো উন্নয়ন মূলক আচনিৰ পৰ্যালোচনাৰ উদ্দেশ্যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত গঠন কৰা নীতি ফৰামৰ প্ৰথমখন বৈঠক যোৱা এপ্ৰিল মাহত আগৰতলাত অনুষ্ঠিত হৈছিল।
বৰ্তমান উত্তৰ পূৱত ৰূপায়িত হৈ থকা আচনি সমূহৰ ৯০:১০ আবন্টিত ধনৰ নীতি সলনি হৈ ১০০% সম্পূৰ্ণ ধন কেন্দ্ৰীয় চৰকাৰে বহন কৰিব নতুন আচনি সমূহত এই কথা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জনে উল্লেখ কৰাৰ লগতে দেশৰ ৬০% বাঁহ উত্তৰ পূৱত পোৱা যোৱাৰ বাবে বাঁহ শিল্পই উল্লেখযোগ্য ভূমিকা লাভ কৰিব উত্তৰ পূৱৰ অৰ্থনৈতিক বিকাশত।
আলোচনা চক্ৰত নীতি ফ'ৰামৰ বিষয়ববীয়াৰ লগতে উত্তৰ পূৱ পৰিষদ আৰু ডনাৰ মন্ত্ৰালয়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
উল্লেখযোগ্য যে আলোচনা চক্ৰত আচনি সমূহৰ নতুন পৰিকল্পনা আৰু ৰূপায়নৰ বাবে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ মীন, দুগ্ধ, চাহ, পৰ্যটন, বাঁহ আটাইবোৰ খণ্ডৰ বিশেষজ্ঞ, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ লগতে উত্তৰ পূৱৰ সংবাদ মাধ্যমৰ জেষ্ঠ সাংবাদিক সকলে আলোচনাত অংশগ্ৰহণ কৰে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি