উত্তৰ-পূৱৰ পাঁচজনে লাভ কৰিলে সাহিত্য একাদেমী বঁটা

উত্তৰ-পূৱৰ পাঁচজনে লাভ কৰিলে সাহিত্য একাদেমী বঁটা
Published on: 

উত্তৰ-পূৱৰ পাঁচজন লেখকে সাহিত্য একাদেমীয়ে শুকুৰবাৰে ঘোষণা কৰা শিশু সাহিত্য বঁটা আৰু যুৱ সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়। একাদেমীয়ে এই বছৰৰ ২৩ জন শিশু বঁটা বিজয়ী আৰু ২১ জন যুৱ বঁটা বিজয়ীৰ নাম ঘোষণা কৰে। যুৱ বঁটাৰ বাবে নিৰ্বাচিত হয় বিপাশা বৰাৰ অসমীয়া কিতাপ 'মৌ মাখিৰ সাম্ৰাজ্য', টংব্ৰাম অমৰজিৎ সিঙৰ মণিপুৰী ভাষাৰ 'লউবুক্কী মানাম'। শিশু বঁটাৰ বাবে নিৰ্বাচিত হয় যুগললোচন দাসৰ অসমীয়া উপন্যাস 'সোণবালি বাগিচাৰ ভূত', সীতাৰাম বসুমতাৰীৰ 'গোন্থ গোথানি চোলো ভাটা' আৰু খাংগেমবাম চামুনগোওৰ মণিপুৰী কিতাপ 'মহোচা লাইৰেমবিগী মাচহাইগোন্দা ঠিৰুচি লাও য়েংলুচি লাও'।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com