উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ হৰচান্দপুৰ ষ্টেচনৰ সমীপত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে । নিউ ফৰক্কা এক্সপ্ৰেছৰ ৯টা দবা লাইনচ্যুত হোৱাৰ ফলত ৭ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৫ জন যাত্ৰী আহত হৈছে । নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ । আহতসকললৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত আহতসকলক ইতিমধ্যে ততাতৰিয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাস্থলীত এনডিআৰএফ বাহিনীৰ বৃহৎ দলে উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ।
Begin typing your search above and press return to search.