Begin typing your search above and press return to search.

উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে প্ৰতিষ্ঠা কৰিব অটল বিহাৰী বাজপেয়ীৰ আবক্ষ প্ৰতিমূৰ্তি

উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে প্ৰতিষ্ঠা কৰিব অটল বিহাৰী বাজপেয়ীৰ আবক্ষ প্ৰতিমূৰ্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2018 12:04 PM GMT

ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ দিনা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্য নাথে প্ৰদেশত নতুন পৰিকল্পনাৰ ঘোষণা কৰিলে। অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ দিনা যোগী আদিত্য নাথে চৰকাৰী ভাবে ৰাজ্যত অটল বিহাৰী বাজপেয়ীৰ এটি আৱক্ষ প্ৰতিমূৰ্তি নিৰ্মান কৰিব বুলি ঘোষণা কৰে। আদিত্য নাথে ঘোষণা কৰা অনুসৰি লক্ষ্ণৌ লোকভৱনৰ সন্মুখত নিৰ্মান কৰা হব প্ৰতিমূৰ্তিটো। অটল বিহাৰী বাজপেয়ীৰ জন্মস্থান হৈছে উত্তৰ প্ৰদেশ। চলিত বছৰৰ ১৬ আগষ্টত নতুন দিল্লীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰয়াণ হৈছিল।

কালি সমগ্ৰ দেশে অটল বিহাৰী বাজপেয়ীৰ ৯৪ বছৰীয়া জন্মদিল পালন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰয়াণৰ পিছতেই বিজেপি শাসিত ৰাজ্য সমূহত বাজপেয়ীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ বিস্তাৰিত ভাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা হৈছে বিভিন্ন স্থান আৰু চৰকাৰী প্ৰকল্পৰ। দেশজুৰি বাজপেয়ীক স্মৰণ কাৰ্য্যসূচীৰ অংশস্বৰূপে উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্য নাথে ঘোষণা কৰিলে এই প্ৰকল্পৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙ আৰু ৰাজ্যপাল ৰামনায়কৰ উপস্থিতিত পালন কৰা বাজপেয়ীক স্মৰণ কাৰ্য্যসূচীত প্ৰতিমূৰ্তি স্থাপনৰ ঘোষণা কৰি আদিত্য নাথে কয় যে উত্তৰ প্ৰদেশৰ লগত অটল বিহাৰী বাজপেয়ীৰ সম্পৰ্ক অটি নিবিড়।উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ পৰাই বাজপেয়ীয়ে নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল।লক্ষ্ণৌৰ পৰা পাঁচ বাৰ সংসদৰ সন্মানীয় সদস্য নিৰ্বাচিত হৈছিল অটল বিহাৰী বাজপেয়ী। বাজপেয়ীৰ দিনতে দেশত সুশাসনৰ আৰম্ভণি হৈছিল বুলিও যোগী আদিত্য নাথে মন্তব্য কৰে। নিৰ্মাণ হবলগীয়া বাজপেয়ীৰ প্ৰতিমূৰ্তিটোৰ উচ্চতা হব ২৫ ফুট।ইয়াৰ আগতে আদিত্য নাথে অযোধ্যাত ৰামৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মানৰ ঘোষণা কৰিছিল।

মহাৰাষ্ট্ৰতো ৰাজ্যখনৰ মূখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফৰনৱিছে অটল বিহাৰী বাজপেয়ীৰ ৯৪ সংখ্যক জন্মজয়ন্তী পালন কৰি মহাৰাষ্ট্ৰত এখন ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ইণ্টাৰনেচনেল স্কুল উদ্ধোধন কৰে। মহাৰাষ্ট্ৰৰ ইণ্টাৰনেচনেল এডুকেচন ব'ৰ্ডৰ অন্তৰ্গত হব নতুনকৈ উদ্ধোধন কৰা বিদ্যালয়খন।

সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৪ সংখ্যক জন্মদিন উলহ মালহেৰে পালন কৰা হয়। প্ৰয়াত প্ৰধান মন্ত্ৰী গৰাকীৰ জন্মদিনটোতে অসমৰ ডিব্ৰুগড়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ভিতৰত দীঘল ৰেল আৰু মটৰ চলাচল কৰিব পৰা দীৰ্ঘতম বগীবিল দলং উদ্ধোধন কৰি অটল বিহাৰী বাজপেয়ীৰ নামত বগীবিল দলংখন উৎসৰ্গা কৰে। মোডীয়ে কয় অটল বিহাৰী বাজপেয়ীয়ে বহু বছৰ আগতে এই অঞ্চল সমূহত প্ৰবেশ কৰি দেশৰ সমবিকাশত গুৰুত্ব আৰোপ কৰিছিল। দিল্লীত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যলয়তো বাজপেয়ীৰ জন্মদিন উলহ মালহেৰে পালন কৰা হয়।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি