Begin typing your search above and press return to search.

উত্তৰ প্ৰদেশৰ মহিলা এগৰাকীয়ে নিজৰ ঘৰ-মাটি বিক্ৰী কৰি গঢ়িলে গাৱঁৰ পথ

উত্তৰ প্ৰদেশৰ মহিলা এগৰাকীয়ে নিজৰ ঘৰ-মাটি বিক্ৰী কৰি গঢ়িলে গাৱঁৰ পথ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2018 7:36 AM GMT

আপোনালোকে জানেনে, পদ পথ সমূহত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ গাঁত সমূহৰ বাবে বহু লোক দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে।২০১৭বৰ্ষটোত এই কাৰনৰ বাবে প্ৰায় ৩,৫৯৭জন লোকৰ মৃত্যু আৰু ২৫,০০০জন আহত হয়।যদি কেতিয়াবা আমি নিজে নিজৰ ব্যক্তিগত জীৱমত এনে ধৰনৰ পৰিস্থিতিৰ সন্মুখীন হও তেতিয়া আমিবোৰে চৰকাৰকে দোষাৰোপ কৰি ৰাষ্টা পাৰ হৈ যাও।আমাৰ আজিৰ কাহিনীটো হৈছে এনে এগৰাকীৰ মহিলা যিয়ে চৰকাৰী বিভিন্ন আচঁনি,নীতি-নিয়ম সমূহৰ পৰা ভীতিগ্ৰস্ত হৈ নিজ ঘৰ-মাটি বিক্ৰী গাৱঁৰ পথ নিৰ্মান কৰিছে।

উত্তৰ প্ৰদেশৰ দাদৰীৰ দাদোপুৰ খটনাৰ নিৱাসী ৫৫ বছৰীয়া ৰাজেশ দেৱী নামৰ মহিলা গৰাকীয়ে নিজ গাঁৱৰ ২৫০মিটাৰ দীঘল পথ নিৰ্মানৰ বাবে প্ৰায় ১লাখ টকা খৰচ কৰে,উল্লেখনীয় যে, গাঁৱবাসীয়ে কোনো ধৰনৰ অসুবিধা ভোগ নকৰক বুলি মহিলা গৰাকীয়ে এনে পদক্ষেপ হাতত লয়।

মহিলা গৰাকীয়ে গাঁৱৰ একক মজলীয়া ঘৰ এটিত তিনিজনকৈ নাতি-নাতিনীৰ সৈতে বাস কৰে।

মহিলা গৰাকীয়ে মত প্ৰকাশ কৰা অনুসৰি,তেওঁ চৰকাৰী নীতি সমূহৰ পৰা অশান্তি পোৱা হৈছিল,আৰু অধিকাংশ লোকে ধনী-দুখীয়া শ্ৰেণীৰ লোক সকলৰ মাজত বেলেগ বেলেগ দৃষ্টিভংগী আছিল।গাৱঁৰ বেয়া হৈ যোৱা পথ নিৰ্মানৰ বাবে বিভিন্ন মেল-মিটিংত যোৱাৰ উপৰিও বিভিন্ন প-পত্ৰৰে জাননী প্ৰদান কৰিছিল।কিন্তু কোনো ধৰনৰ পদক্ষেপ গ্ৰহন নকৰাৰ পৰিৱৰ্তে যি ঠাইত ধনী ধনী লোক সকলে বাস কৰিছিল তেওঁলোকৰ পথ সমূহে নিৰ্মান কৰিছিল।

বহুবাৰ সেই পথৰে যাত্ৰা কৰোতে তেওঁ নিজেও বহু কষ্টৰ সন্মুখীন হৈছিল,সেয়ে পৰৱৰ্ত্তী সময়ত দেৱী আৰু দেৱীৰ পৰিয়ালৰ সদস্যই পথ নিৰ্মানৰ কাম নিজে কৰাৰ সু-পদক্ষেপ হাতত লয় আৰু সেই মৰ্মে পকী পথ নিৰ্মানৰ বাবে তেওঁলোকৰ ঘৰৰ আধা অংশ মাটি বিক্ৰী কৰি প্ৰায় ১লাখ টকা খৰচ কৰি পথ নিৰ্মান কৰে।

ৰাজেশ দেৱী আৰু ৰাজেশ দেৱীৰ পৰিয়ালৰ লোক সকল গাঁৱবাসীৰ বাস্তৱ জীৱনৰ হিৰ' হিচাপে সন্মান প্ৰদান কৰিছে।

Next Story
চাকৰি