উদালগুৰিত "ক্লীন পূজা আৰু গ্ৰীন পূজা"

উদালগুৰিত "ক্লীন পূজা আৰু গ্ৰীন পূজা"
Published on: 

অসমৰ স্বচ্ছ ভাৰত মিছন(গ্ৰামীন) নিৰ্দেশত উদালগুৰি জিলাৰ সকলো পূজা কমিটিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি "ক্লীন পূজা আৰু গ্ৰীন পূজা" পূজা পালন কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছে লগতে জিলা খনৰ স্বচ্ছতাৰ প্ৰতি নজৰ ৰাখিবলৈ কৈছে ।

জিলা প্ৰশাসনে জিলা খনৰ সমূহ পূজা কমিটিক পূজাৰ সময়ত প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে ।ইয়াৰোপৰি মৃণ্ময় শিল্পী আৰু কলা-শিল্পৰ লোক সকলো প্লাষ্টিক বৰ্জন কৰাৰ নিৰ্দেশ প্ৰদানৰ লগতে অত্যাধুনিক ৰঙ-বিৰঙ ব্যৱহাৰৰ পৰা বিৰত থকা নিৰ্দেশ দিয়ে । পূজা কমিটি সমূহক স্থানীয় সংবাদ মাধ্যম সমূহত জৰিয়তে 'ইক-ফ্ৰেণ্ডলি' তথা অতি সৰল ৰূপত শান্ত ভাৱে পূজা পালন কৰাৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com