উদালগুৰিত গ্ৰন্থ উন্মোচন

উদালগুৰিত গ্ৰন্থ উন্মোচন
Published on

উদালগুৰি সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এখন গ্ৰন্থ উন্মোচন সভাত সংস্কৃত পণ্ডিত বিদ্যাপতি দহালৰ সংস্কৃত ভাষাৰ 'দামোদৰদেৱ' গ্ৰন্থ খন বিমল ভাকে চৰনচাৰ্য্য শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উন্মোচন কৰে।আনহাতে,লেখক তৰাপতি উপাধ্যায়ৰ "জীৱনৰ চানেকি" নামৰ গ্ৰন্থ খন ৰাষ্ট্ৰীয় অৱসৰ বটাঁ প্ৰাপ্ত বিজয়ী নৰেশ্বৰ ডেকাই উন্মোচন কৰে।সভাখন সভাপতিত্ব গ্ৰহন কৰে উদালগুৰি সাহিত্য সভাৰ সভাপতি গৌতম জ্যোতি তালুকদাৰে আৰু পৰিচালনা কৰে উদালগুৰি সাহিত্য সভাৰ সাধাৰন সম্পাদক দ্বিজেন বায়নে।তৰাপতি উপাধ্যায়ৰ নিজ বক্তৃতা প্ৰদান কৰি কয় যে,এই আত্মজীৱনী সমূহে পিছৰ প্ৰজন্ম সকলৰ বাবে এক বিশেষ ব্যক্তিত্ব তথা গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰিবলৈ সক্ষম হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com