উদালগুৰিত সাহিত্য দিৱস অনুষ্ঠিত

উদালগুৰিত সাহিত্য দিৱস অনুষ্ঠিত
Published on

উদালগুৰি জিলাত এদিনীয়া কাৰ্য্যসূচীৰে উদালগুৰি জিলাৰ নেপালী সাহিত্য সভাসাহিত্য সভা দিৱস অনুষ্ঠিত কৰে।নেপালী সাহিত্য পৰিষদ অসম আৰু অসম নেপালী সাহিত্য সভাৰ একত্ৰিতকৰনৰ পিছত আগষ্টৰ১৯ তাৰিখে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উদালগুৰি জিলাৰ নেপালী সাহিত্য সভাৰ সভানেত্ৰী গায়ত্ৰী ভট্টাৰায়ে পতাকা উত্তোলন কৰে আৰু শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাম উপাধ্যায়ে।ইয়াৰ উপৰিও সভাখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰকাশ কৰে।অসম নেপালী সাহিত্য বিকাশৰ কথা সদৰী কৰিলে অসম নেপালী সাহিত্য সভাৰ সাধাৰন সম্পাদক ৰুদ্ৰ বাড়ালে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com