Begin typing your search above and press return to search.

উদালগুৰিত ৭জন বাইক চোৰক আটক

উদালগুৰিত ৭জন বাইক চোৰক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Oct 2018 6:26 AM GMT

উদালগুৰি জিলাত চলিছে বাইক চোৰৰ সন্ত্ৰাস । বাইক চুৰ,গাড়ী চুৰৰ কেইবাটাও ঘটনা সংঘটিত জিলা খনত । টংলা আৰক্ষীৰ বিশেষ প্ৰচেষ্টাত টংলাৰ ভিন্ন এলেকাৰ পৰা ৭জনকৈ বাইক চোৰক আটক কৰে ।

বাইক চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে দুখনকৈ বাইক উদ্ধাৰ কৰে । আটক কৰা বাইক চোৰ কেইজনে ক্ৰমে,নমাল বড়ো(১৯),জেচমিন দৈমাৰী(১৯), ৰিজন দৈমাৰী(১৯),জিৱিত দৈমাৰী(২৫),আনন্ত বড়ো(১৯),বিপ্লৱ বড়ো(১৯) আৰু দিব্যজ্যোতি চহৰীয়া(১৯)। জিৱিত দৈনাৰীৰ বাহিৰে বাকী আটাই কেইজন টংলাৰ ভিন্ন কলেজৰ ছাত্ৰ হয় । টংলাৰ আৰক্ষী দলৰ অচি দূৰ্গা কিংকাৰ শৰ্মাই অনন্ত বড়ো আৰু জিৱিত দৈমাৰীৰ পৰা দুখনকৈ বাইক উদ্ধাৰ কৰে ।

Next Story
চাকৰি