Begin typing your search above and press return to search.

উদালগুৰি জিলাৰ ডিমাকুছিত পুত্ৰই হত্যা কৰিলে পিতৃক

উদালগুৰি জিলাৰ ডিমাকুছিত পুত্ৰই হত্যা কৰিলে পিতৃক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2018 5:39 AM GMT

যোৱা শনিবাৰে নিশা উদালগুৰি জিলাৰ ডিমাকুছিৰ সমীপত বৰঙাবাৰী এলেকাৰ ৩০বছৰীয়া এজন যুৱকে নিজ পিতৃক হত্যা কৰে।ঘটনাৰ পিছত পৰিয়ালৰ আন সদস্য সকলে আৰক্ষী খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰে।তথ্যানুসৰি,কোনো ঘৰুৱা কন্দলৰ বাবে দুয়ো পিতৃ-পুত্ৰৰ মাজত এক সংঘাতৰ সৃষ্টি হয় আৰু ধৃত পুতেকে লাঠিৰে বেয়াকৈ আঘাত কৰাৰ ফলত পিতৃৰ মৃত্যু হয়।

এই ঘটনাৰ পিছত,ডিমাকুছিৰ আইচি মহেশ্বৰ শৰ্মাই জনোৱা অনুসৰি,ডিমাকুছি আৰক্ষী থানাত ৮৯/১৮ নম্বৰৰ ৩০২ধাৰাত এজাহাৰ দাখিল কৰা হয়।পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখে।

Next Story
চাকৰি