উদুলি মুদুলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰি:আৰম্ভ হ’ল জোনাকী চলচিত্ৰ মহোৎসৱ

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে জোনাকী চলচিত্ৰ মহোৎসৱ। যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সোনালী জয়ন্তী বৰ্ষৰ লগতে সংগতি ৰাখি শিক্ষাৰ্থীসকলে আয়োজন কৰে এই মহোৎসৱৰ। 'ডা ফাডাৰ লেটাৰছ্' নামৰ এখন মণিপুৰী ছবিৰে শুভাৰম্ভণি কৰা হয় এই মহোৎসৱৰ।
শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্ত, বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ভাস্কৰজ্যোতি বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ ১৩খনকৈ ছবি প্ৰদৰ্শিত হ'ব। লগতে ছবি নিৰ্মাণ আৰু চিত্ৰনাট্য লিখন সম্পৰ্কে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হ'ব৷
আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱৰ পিছত ২৯ আৰু ৩০ নৱেম্বৰ তাৰিখে বিভাগৰ শিক্ষাৰ্থীসকলৰ উদ্যােগত "জোনাকী" শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰক এক মঞ্চ প্ৰদানৰ জৰিয়তে শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাটো এই মহোৎসৱৰ মূলমন্ত্র |
অসমীয়া,বড়ো,ৰাভা,মিছিং,বাংলা,নাগামিজ,মণিপুৰী ভাষাৰ মুঠ ১৩ খন চলচ্চিত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আৰু অসম আৰ্হিৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত কৰা হ’ব ৷ তদুপৰি ২৯ নৱেম্বৰ অৰ্থাৎ আজি চলচ্চিত্ৰ নিৰ্মাণ" আৰু ৩০ নৱেম্বৰত "চিত্ৰনাট্য লিখন" সৰ্ম্পকত দুটা কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ চলচিত্ৰ মহোৎসৱৰ শুভাৰম্ভণি কাংবা লাভজয় দ্বাৰা পৰিচালিত মণিপুৰী চিনেমা "MY FATHER'S LETTER" প্ৰদৰ্শন কৰা হয় ।
তদুপৰি মহোৎসৱৰ প্ৰথম দিনা চাংগে দৰ্জী থংদকৰ দ্বাৰা পৰিচালিত ২০১৩ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অৰুণাচলী চিনেমা "CROSSING BRIDGES" , কংকণ ডেকাৰ দ্বাৰা পৰিচালিত অসমীয়া চিনেমা "বিউটিফুল লাইভছ" , ৰীমা বৰাৰ দ্বাৰা পৰিচালিত অসমীয়া চিনেমা "বকুল" , সুৰজ দুৱৰাৰ দ্বাৰা পৰিচালিত ৰাভা ভাষাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ "অৰং - Strangers In The Mist" , ভাস্কৰ জ্যোতি মহন্তৰ 2013 চনত সংগীত পৰিচালক শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচিত্ৰ "যুগদ্ৰষ্টা"প্ৰদৰ্শিত কৰা হ’ব ।
মহোৎসৱৰ দ্বিতীয় দিনা প্ৰদৰ্শিত হব ববী শৰ্মা বৰুৱাৰ দ্বাৰা পৰিচালিত চলচিত্ৰ "সোণাৰ বৰণ পাখি" , টাইকুমজুক আয়েৰৰ দ্বাৰা পৰিচালিত নাগামিজ ভাষাৰ চলচিত্ৰ " Nana - A Tale Of Us" , দ্বীপ চৌধুৰীৰ দ্বাৰা পৰিচালিত "অলিফা" , ধ্ৰুৱ বৰদলৈৰ দ্বাৰা পৰিচালিত "দূৰণিৰ নিৰলা পজা" , ভদা খেৰকেটাৰী দ্বাৰা পৰিচালিত বড়ো ভাষাৰ চলচিত্ৰ "চিলিংখাৰ" , নাৰায়ণ ছিল পৰিচালিত "লী-লেন" । ঝুলান কৃষ্ণ মহন্তৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ চলচিত্ৰ "নদী মাথোঁ বয়" প্ৰদৰ্শনৰে মহোৎসৱৰ সামৰণি পেলোৱা হ’ব ।
চলচিত্ৰ মহোৎসৱখনত প্ৰতিদিনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সংগীত শিল্পী জুবিন গাৰ্গ,বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা,জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা,প্ৰযোজক তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, বিশিষ্ট চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী,বাদ্যযন্ত্রী ৰাজা বৰুৱা,অভিনেত্ৰী জেৰিফা ৱাহিদ,অমৃতা গগৈ,ডা: জাহানাৰা বেগম,পৰিচালক কেনী বসুমতাৰী,ধ্ৰুবজ্যোতি বৰদলৈ,দীপ চৌধুৰী,কংকন ডেকা,ঝুলন কৃষ্ণ মহন্ত৷