উন্নয়নৰ গতি স্থবিৰ কৰাৰ কাৰণে কিছুমান অপশক্তিয়ে চেষ্টা কৰিছে : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মই অসমীয়াৰ সন্তান ৷ বৃহত্তৰ অসমীয়া জাতিয়ে মোক চৰকাৰ চলোৱাৰ দায়িত্ব দিছে। ৰাজ্যখনৰ জাতি,মাটি ভেটি,ভাষা,বাৰেৰহনীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে মই দায়বদ্ধ ৷ বৃহত্তৰ অসমীয়া সমাজ আমাৰ নেতৃত্বত সুৰক্ষিত ৷ এই ক্ষেত্ৰত কোনো শক্তিয়ে ৰাইজক পথভষ্ট কৰিব নোৱাৰে ।শুক্ৰবাৰে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত অসম চৰকাৰৰ শ্ৰমিক কল্যান বিভাগে শোণিত পুৰৰ জিলা প্ৰশাসনৰ সহযোগত বিশিষ্ট শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
অসম চৰকাৰৰ উন্নয়নৰ গতি স্থবিৰ কৰাৰ কাৰণে কিছুমান অপশক্তিয়ে চেষ্টা কৰিছে ৷এই অশুভ তথা অপশক্তিয়ে প্ৰচাৰ চলাইচে যে চলিত চৰকাৰখনৰ দিনত অসমীয়া জাতি মাটি নিঃশেষ হ’ব। কিন্তু এনেধৰনৰ প্ৰচাৰ ভিত্তিহীন ৷ এই প্ৰসংগত সোনোৱালে কয় যে,অসমীয়া জাতিৰটোৰ প্ৰতি সৰ্বানন্দ সোনোৱাল দায়বদ্ধ ৷ এজন অসমীয়া সন্তান হিচাপে কোনো কাৰণতে আসমীয়া জাতি ,সংস্কৃতি ,ভাষা নিঃশেষ হ’বলৈ নিদিয়ে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সোনোৱালৰ ৷ শোণিতপুৰৰ এই অনুষ্ঠানটোত শ্ৰমিক কল্যান বিভাগে আয়োজন কৰা এই অনুষ্ঠানটোত NRC প্ৰসংগও ঠাই পালে ৷
NRC প্ৰসংগত সৰ্বানন্দ সোনোৱালে কয় যে,অসমখন বিদেশীমুক্ত কৰাৰ বাবে চৰকাৰখনে নিষ্ঠাৰে এন আৰ চি প্ৰস্তুতকৰণৰ কাম কৰি আছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত সম্পূৰ্ণ খচৰা প্ৰকাশ হৈছে৷ কিন্তু খচৰাখনত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ কৰিছে বিভিন্ন দল সংগঠনে ৷ এই অভিযোগৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মনৰ শংকা দূৰ কৰাৰ বাবে আৰু বৈধ ভাৰতীয়ৰ নাম সংক্ৰান্তত অসম চৰকাৰে উচ্চতম ন্যায়ালত আবেদন দাখিল কৰিছিল ৷ এন আৰ চিখন বিদেশী মুক্ত কৰাৰ বাবে বিভিন্ন দল সংগঠনে আপত্তি দাখিল কৰক আৰু যিসকল বৈধ ভাৰতীয়ৰ নাম এন আৰ চিত সন্নিষ্টিষ্ট হোৱা নাই তেওঁলোকে নিজৰ অভিযোগ আপত্তি দাখিল কৰক ৷
লগতে মুখ্যমন্ত্ৰী সোনোৱালে ভাষন প্ৰসংগত শ্ৰমিকসকলৰ প্ৰসংগত কয় যে,শ্ৰমিকসকলৰ কল্যান অবিহনে দেশৰ সৰ্বাঙ্গীন উন্নতি নহয় ৷ গতিকে চাহ শ্ৰমিকসকলৰ লৈ দেশৰ লগতে অসমবাসীয়ে গৌৰব বোধ কৰে ৷ অসমৰ চাহ বিশ্ব বিখ্যাত ৷ কিন্তু পূৰ্বৰ চৰকাৰখনৰ অৱহেলাৰ বাবে চাহশ্ৰমিকসকল বহু পিছ পৰি গৈছে।কিন্তু চলিত চৰকাৰখনে বিগত বছৰত বিজ্ঞানসন্মত মানসিকতাৰে জনসাধাৰণক উদ্বুদ্ধ কৰি ৰাজ্য খনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে কাম কৰি আহিছে ৷
লগতে অনুষ্ঠানটোত অসমৰ জাতীয় জীৱনৰ আদৰ্শৱান নেতা লগতে চাহ জনগোষ্ঠীৰ সন্তোষ কুমাৰ তপ্ন আৰু চিম’ন সিং হ’ৰ’ৰ আদৰ্শক সৰোগত কৰি জাতিটোক আগুৱাই যাবলৈ কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি