উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ নিৰ্দেশ

অসমৰ বাবে অনাধিকাৰ প্ৰবেশ আৰু বেদখল এক গুৰুতৰ সমস্যা হৈ আহিছে। ৰাজ্যখনৰ অৰ্থনৈতিক,সাংস্কৃতিক সকলো দিশ অনাধিকাৰ প্ৰৱেশে প্ৰভাবিত কৰি আহিছে।অনাধিকাৰ প্ৰবেশত অতিষ্ঠ হৈ অসম চৰকাৰে আন্তঃৰাজ্যিক সীমান্তত নতুনকৈ ৩৪ টা সীমান্ত পহৰাদাৰী চকী নিৰ্মাণ কৰিব। ইতিমধ্যে বহুকেইটা পহৰাদাৰী চকী নিৰ্মাণৰ কাম সম্পুৰ্ণ হৈছে।বৰ্তমান অসমত ৮১ টা আন্তঃৰাজ্যিক সীমান্ত পহৰাদৰী চকী আছে।চল্লিশটাতকৈও অধিক সুৰক্ষা বাহিনী এই ৮১ টা পহৰাদাৰী চকীত মোতায়ন কৰা হব।
ওচৰচুবুৰীয়া ৰাজ্য সমূহৰ সৈতে থকা সীমান্ত সমস্যা সমাধানৰ বাবে দিছপুৰ চৰকাৰে সময়ে সময়ে ৰাজ্যসমূহৰ লগত আলোচনাত মিলিত হৈ আহিছে। এই আলোচনাৰ সময়ত সীমান্তত স্থিৰতা অনাৰ ক্ষেত্ৰত হোৱা বুজাবুজিয়ে প্ৰধান।এই বুজাবুজিৰ পিছতো ওচৰ চুবুৰীয়া ৰাজ্য সমূহৰ নাগৰিকে প্ৰায়ে অসমৰ ভূমিত বলপুৰ্বক ভাবে প্ৰবেশ কৰি স্থানীয় জনসাধাৰণক ভাবুকি প্ৰদান কৰি অবৈধ ভাবে অসমৰ ভূমি দখল কৰি আহিছে।অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল প্ৰদেশৰ মাজৰ সীমান্ত বিবাদ সম্পৰ্কীয় গোচৰ ইতিমধ্যে চুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে।মিজোৰাম আৰু মেঘালয়ৰ লগত দিছপুৰৰ কোনো ধৰণৰ সীমা বিবাদ সম্পৰ্কীয় গোচৰ সৰ্বোচ্চ ন্যায়ালয়ত চলি থকা নাই।
সীমান্ত সুৰক্ষা আৰু নিয়ন্ত্ৰণ বিভাগে এখন পত্ৰযোগে সীমান্তৰ গাত লাগি থকা জিলা সমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক সীমান্তত হব পৰা অবৈধ আগ্ৰাসন আৰু বেদখল ৰোধ কৰাৰ বাবে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বিভাগে অবৈধ ভাবে দখল কৰি থকা ভূমি সমূহ বেদখল মুক্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু বেদখলকাৰী সকলৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা কৰাৰ বাবে অধিক সুৰক্ষা বাহিনী প্ৰদান কৰা হব বুলি উল্লেখ কৰিছে।নতুন প্ৰস্তাবিত পহৰাচকী সমূহ কামৰূপ,কাৰ্বি আংলং,ডিমা হাচাও,বিশ্বনাথ,শোণিতপুৰ আদি জিলাত নিৰ্মান কৰা হব।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি