
চিটী বাছ চালক আৰু হেণ্ডিমেন সকলৰ বিগত দুদিনত চলি থকা বিৰোধ প্ৰদৰ্শনৰ সন্দৰ্ভত উপায়ুক্ত বিশ্বজিৎ পেগুয়ে মন্তব্য কৰে যে নতুন নিৰ্দেশনা এতিয়াও দৃঢ় হৈ আছে ৷ লগতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ডিমাপুৰৰ চিটী বাছ ড্ৰাইভাৰসকলৰ বাণিজ্যিক লাইচেন্স স্বীকাৰ কৰা নহ’ব৷ যদি সকলো কাগজ বৈধ হয় তেন্তে ড্ৰাইভাৰ সকলে খিৰিকী সন্মুখত নিজৰ ফ’টো লগোৱাটো কাৰণ নাই ৷
ইয়াৰোপৰি আমি বহু কথা ভাবি হেন্দিমেন সকলক কৰ্মৰ পৰা অব্যাহতি দিছো । আমি গুৱাহাটীবাসীৰ জীৱনৰ কথা ভাবি ক্ষেত্ৰীয় পৰিবহন প্ৰাধিকৰণৰ লগত এখন বৈঠকত কিছু নীতিৰ ব্যৱস্থা কৰা হৈছে ৷যদি বাছ চালক আৰু হেণ্ডিমেন সকলৰ এই নিয়ম সমূহ পালন নকৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ’ব ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি