উৎকোচ লোৱা গোচৰত অভিযুক্ত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক নিলম্বিত

উৎকোচ লোৱা গোচৰত অভিযুক্ত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক নিলম্বিত
Published on

নগাঁও জিলাৰ পানীগাঁও অঞ্চলৰ সৌৰভ হাজৰীকা নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসক নিলম্বন কৰা হৈছে।প্ৰাপ্ত তথ্য অনুসৰি সবিতা দাসে ৪০,০০০ টকা দাবী কৰিছিল বুলি জানিব পৰা গৈছে।অসম আৰক্ষীৰ নিজাববীয়া অনুসন্ধানত অভিযোগ সত্য প্ৰমানিত হলত শীৰ্ষ মহলে নিলম্বনৰ নিৰ্দেশ দিয়ে।সৌৰভ হাজৰীয়াই জনোৱা মতে তেওঁ ৩১ আগষ্টৰ নিশা কেইজনমান বন্ধুৰ লগত ঘৰৰ সন্মূখত কথা পাতি থাকোতে সবিতা দাসে তেওঁৰ গাড়ী খনৰ লগতে গোটেইকেইজনকে উঠাই লৈ যায়।পাছদিনা তেওঁলোকক মুকলি কৰি দিয়ে যদিও গাড়ীৰ নথি-পত্ৰ ৰাখি থয়।আৰক্ষী থানাৰ কৰ্মচাৰী জ্যোতি খাওণ্ড নামৰ ব্যক্তিজনে নথি-পত্ৰ খিনি বিচাৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com