Begin typing your search above and press return to search.

উৎসৱৰ দিনাই দিছপুৰত ১৯ টা সুৰাসক্ত হৈ বাহন চলোৱা গোচৰ, ১০৪ টা পথ দুৰ্ঘটনাৰ গোচৰ ৰুজু

উৎসৱৰ দিনাই দিছপুৰত ১৯ টা সুৰাসক্ত হৈ বাহন চলোৱা গোচৰ, ১০৪ টা পথ দুৰ্ঘটনাৰ গোচৰ ৰুজু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2019 9:09 AM GMT

বৰ্তমান যুব প্ৰজন্ময়ে আনন্দ উল্লাসৰ মাজত নিজৰ জীৱনকো বিপদাপন্ন কৰি তুলিছে। জীৱনটো কিমান গুৰুত্বপূৰ্ণ সেয়া যেন পাহৰি পেলাইছে বৰ্তমানৰ যুৱ প্ৰজন্ময়ে । যিকোনো উৎসৱে যেন সুৰা অবিহনে উৎযাপন কৰিব নোৱাৰি তেনে এক মানসিকতা গঢ় লৈ উঠিছে যুৱ প্ৰজন্মৰ মাজত । প্ৰত্যেক উৎসৱতে সুৰাসক্ত হৈ সংঘটিত কৰা অপৰাধ বৃদ্ধি পাইছে । উল্লেখযোগ্য যে সুৰাপান কৰি বাহন চলোৱা ঘটনাই নিজৰ লগতে আনৰো জীৱন বিপদাপন্ন কৰি তুলিছে ।

বৃহস্পতি বাৰে দিছপুৰত সুৰাসক্ত হৈ বাহন চলোৱাৰ অপৰাধত ২৮ টা গোচৰ ৰুজু কৰা হৈছে, লগতে ১৮ খন অনুজ্ঞাপত্ৰও জব্দ কৰিছে আৰক্ষীয়ে । শুকুৰবাৰলৈকে ১৯ টা গোচৰ ৰুজু কৰাৰ লগতে ১২ খন অনুজ্ঞাপত্ৰ বাতিল কৰিছে । দিছপুৰ আৰক্ষী থানাৰ এজন আৰক্ষীয়ে প্ৰকাশ কৰা মতে সজাগতা সৃষ্টি কৰাৰ লগতে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ চলোৱা অভিযানতে এই ভয়াবহ তথ্য পোহৰলৈ আহিছে । লগতে প্ৰকাশ কৰে যে বৰ্তমান সময়ত যুৱ প্ৰজন্ম যথেষ্ট দায়িত্বহীন হৈ পৰাৰ লগতে সুৰাপান কৰি বাহন চলোৱাতো কিমান বিপদজনক হব পাৰে সেয়া অনুধাৱন কৰিব নোৱাৰে । ৰঙৰ উৎসৱৰ দিনাটোত জু- ৰোদ , ফাঁচী বজাৰ , খানাপাৰা আৰু মহানগৰৰ বহু স্থানত তালাচী অভিযান চলাইছিল আৰক্ষীয়ে প্ৰকাশ কৰে ।

তথ্যৰ ভিত্তিত সমগ্ৰ ৰাজ্যৰ ভিতৰত পথ দুৰ্ঘটনা ঘটনা কামৰূপতে বেছি ৰুজু হৈছে । কামৰূপত ১৭ টা গোচৰ ৰুজু হোৱাৰ বিপৰিতে ১৪ টা কামৰূপ মেট্ৰত ৰুজু কৰা হৈছে । আনহাতে ১২ টা যোৰহাটত , ৯ টা নগাঁওত, ৫ টা বঙাইগাওঁ, ডিব্ৰুগড়, শোণিতপুৰ আৰু তিনিচুকীয়াত ৰুজু কৰা হৈছে । ধেমাজি, গোৱালপাৰা আৰু ওদালগুৰিত ৪ টাকৈ গোচৰ ৰুজু কৰা হৈছে । আনহাতে ৩ টা দেৰগাঁওত, ২ টা বৰপেটা, চিৰাং, হাইলাকান্দি, কোকৰাঝাৰ, নলবাৰী, আৰু শিৱসাগৰত ৰুজু হোৱাৰ বিপৰিতে ১ টা বাক্সা, গোলাঘাট, কাৰ্বি আংলং , লক্ষিমপুৰ আৰু মৰিগাঁওত ৰুজু হৈছে । সমগ্ৰ ৰাজ্যতে ১০৪ টা পথ দুৰ্ঘটনাত গোচৰ ৰুজু কৰা হৈছে আৰু লোকসকলক ১০৮ সেৱা আগবঢ়োৱা হৈছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি