Begin typing your search above and press return to search.
উৰিষ্যাত বিদ্যুতৰ তাঁৰত লাগি মৃত্যু ৭ টা বন্যহস্তীৰ

উৰিষ্যাৰ ধেনকানালত সংঘটিত এক শোকাৱহ ঘটনা । বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৰ্মান্তিক ভাৱে মৃত্যুক সাৱতি লয় ৭ টা বনৰীয়া হাতীয়ে । হাতীৰ জাকটোৱে ৰেলপথ অতিক্ৰম কৰা সময়তে ৰেলপথৰ দাঁতিত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় হাতীৰ জাকটোৰ ।
দক্ষিণ উৰিষ্যাৰ ৰেলপথটোত হাতীকেইটাৰ মৃতদেহ পৰি থকাৰ ফলত ব্যাহত হৈ পৰে ৰেল যাতায়ত। ঘটনাস্থলীত বন বিভাগৰ তৎপৰতাত হাতীকেইটা ৰেল পথৰ পৰা আতৰাবলৈ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে ।
আনহাতে এই শোকাৱহ ঘটনাটোৰ পিছতে বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাকলৈ তীব্ৰ ক্ষোভ উজাৰে লগতে ঘটনাটোৰ বাবে জগৰীয়া কৰে । বনৰীয়া হাতী সঘনাই অহা যোৱা কৰা পথত বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰাত বিদ্যুৎ বিভাগে অবহেলা কৰাৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হয় বুলি সদৰি কৰে স্থানীয় ৰাইজে ।
Next Story