উৰুখা পজাৰ পৰা বিশ্ব জয়ৰ সপোন চান্দিনী খাটুনৰ

উৰুখা পজাৰ পৰা বিশ্ব জয়ৰ সপোন চান্দিনী খাটুনৰ
Published on

ওদালগুৰি জিলাৰ মাজবাটৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যাই কিক্ বক্সিং প্ৰতিযোগিতাত আঠটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতো অৱহেলিত হৈ ৰৈছে প্ৰতিভাৱান খেলুৱৈ এগৰাকী। প্ৰতিভাৱান খেলুৱৈক চৰকাৰৰ অৱহেলা কৰাৰ চৰম নিদৰ্শন ওদালগুৰিৰ মাজবাটৰ চান্দিনী খাটুন।

ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং,ৰাষ্ট্ৰীয় পেনচক চিলাট চেম্পিয়নশ্বিপ,মাৰ্চেলাৰ প্ৰতিযোগিতাত আঠটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিও এলাগি হৈ আছে মাজবাটৰ চান্দিনী খাতুন। আজিও চৰকাৰী সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত এই প্ৰতিভাবান খেলুৱৈ গৰাকী।কিন্তু উৰুখা পজাৰ পৰা বিশ্ব জয়ৰ সপোন চান্দিনী খাটুনৰ ।

প্ৰতিভাৱান খেলুৱৈ চান্দিনীয়ে দৰিদ্ৰতাৰ বাধা নেওচি আগুৱাই গৈছে সাফল্যতাৰ শিখৰত। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দহ খন খেলৰ আঠখন খেলতেই স্বৰ্ণ পদক লাভ কৰাৰ পাছতো আজিও চৰকাৰৰ দৃষ্টিত নপৰিল এই খেলুৱৈ গৰাকী।

চান্দিনীৰ পিতৃ কুদ্দুচ খানৰ আৰ্থিক সামৰ্থ নাই চান্দিনীক আগবঢ়াই নিবলৈ । চৰকাৰৰ প্ৰতি আহ্বান চান্দিনীৰ পিতৃৰ অকণমান চৰকাৰী সহায়-সহযোগিতা পালেই বিশ্বজয় কৰিব চান্দিনীয়ে । মাজবাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী চান্দিনী।কিক্ বক্সিংৰ প্ৰতিভা থকা চান্দিনীয়ে ইতিমধ্যেই ৰাজ্যিক পৰ্যায়তো বহুবাৰ বিজয়ী হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com