চামাৰা এৰেনাত অনুস্থিত গ্ৰুপ এ'ৰ এখন খেলত সোমবাৰে দুবাৰৰ বিশ্ব চেম্পিয়ন উৰুগুৱেৰ বিৰুদ্ধে আয়োজক দেশ খন ৩-০ গ'লত পৰাস্ত হয়।মাত্ৰ ১০ মিনিটতে বাৰ্চিলোনাৰ ফৰৱাৰ্ড লুইচ চোৱাৰেজে দৰ্শনীয় ফ্ৰীকিকেৰে গ'ল কৰি দলক অগ্ৰগতি প্ৰদান কৰে।ৰাচিয়াৰ ডিফেন্ডাৰ চেৰিচেভ'ৰ আত্মঘাতী গ'লৰ সহায়ত উৰুগুৱেয়ে ২-০ অগ্ৰগতি লাভ কৰে।ৰাচিয়াই বহুত চেষ্টা কৰিও গ'ল দিবলৈ সক্ষম নহল।৯০ মিনিটত এডিনচন কাভানিয়ে আৰু এটা গ'ল কৰি উৰুগুৱেক সুন্দৰ বিজয় প্ৰদান কৰে।
Begin typing your search above and press return to search.