
বলীউডৰ অভিনেত্ৰী চানায়া মালহোত্ৰাক শেহতীয়াকৈ দৰ্শক সকলে প্ৰত্যক্ষ কৰিছিল নৱাজুদ্দীন ছিদ্দীকীৰ লগত ফ’টোগ্ৰাফ ছবিখনত ৷ সম্প্ৰতি অনুৰাগ বাসুৰ এখন ছবিৰ কাৰণে সাজু হৈছে চানায়া ৷ ছবিখনত ছানায়াৰ লগত অভিনয় কৰিছে আদিত্য ৰয় কাপুৰে । কিন্তু চানায়া মালহোত্ৰা অভিনয়ৰ সমান্তৰালকৈ নৃত্যৰ প্ৰতিও এক বৃহৎ ধাউতি ৷
সেয়েহে ছ’চিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে নৃত্যৰ বিভিন্ন ভিডিঅ’ অনুৰাগীলৈ প্ৰায়ে আগবঢ়াই ৷ যাৰ কাৰণে অনুৰাগীৰ মাজত বিশেষভাৱে জনপ্ৰিয় চানায়া ৷ ইফালে আজি বিশ্বত পালন কৰিছে আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস ৷ সেয়েহে এই দিনটোতে চানায়াই নৃত্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৃত্যই কেনেদৰে অভিনেত্ৰী গৰাকী জীৱন পৰিৱৰ্তন কৰিছে সেই সম্পৰ্কে মন্তব্য কৰিছে ৷
চানায়াৰ নৃত্যৰ প্ৰতি ধাউতি আছে অতি সৰুৰে পৰা ৷ চানায়া মালহোত্ৰা ঘৰৰ বা পৰিয়ালৰ প্ৰত্যেক জন ব্যক্তিৰ ঘৰত পাৰ্টি অথবা বিয়াত নৃত্য পৰিবেশন কৰা এজন শিশুলৈ পৰিণত হৈছিল ৷ এইয়া আছিল আৰম্ভনি ৷ ইয়াৰ পিছত ছানায়াই ফ্ৰী ষ্টাইলকে ধৰি বিভিন্ন নৃত্যৰ প্ৰশিক্ষণ লয় ৷ ইফালে ৰেপাৰ নেজীৰ লগত চানায়াই এটি ভিডিঅ’ই যথেষ্ট চৰ্চা লাভ কৰিছে ৷ আৰু এই ভিডিঅ’টিক প্ৰশংসা কৰি অভিনেতা ঋত্বিক ৰোশনে মন্তব্য কৰিছে যে "Outstanding"৷
ইয়াৰ পিছতেই ছানায়াক ঋত্বিক ৰোশনৰ লগত নৃত্য কৰাৰ সন্দৰ্ভত মন্তব্য কৰে যে এই সপোন অচিৰেই বাস্তৱত ৰূপায়িত হ’ব ৷ লগতে ঋত্বিক ৰোশনৰ লগত নৃত্য কৰা প্ৰসংগত শিহৰিত হৈ উঠাৰ কথাও ক’লে চানায়া মালহোত্ৰাই।ঋত্বিক ৰোশন এজন জনপ্ৰিয় নৃত্যশিল্পী ৷ এই মন্তব্য চানায়াৰ ৷ চানায়াই এগৰাকী নৃত্য শিল্পী ৰূপে এখন ছবিত অভিনয় কৰাৰ কথাও উল্লেখ কৰে। অন্যহাতে চানায়া ফ্ৰেব্ৰুৱাৰীৰ পৰা দৃশ্যগ্ৰহণ হোৱা অনুৰাগ বাসুৰ এখন ছবিত অভিনয় কৰিছে। এই ছবিখনত আছে ৰাজকুমাৰ ৰাও,অভিষেক বচ্চন,ফাতিমা চনা শ্বেখ আৰু পংকজ ত্ৰিপাঠীৰ লগত বহু ন পুৰণি শিল্পী।
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন