Begin typing your search above and press return to search.

এইবাৰ "কফী উইথ কৰণত" অৰ্জুন কাপুৰ আৰু জাহ্নৱী কাপুৰ: কিন্তু জাহ্নৱীৰ বিষয়ে কি ক’লে অৰ্জুনে?

এইবাৰ কফী উইথ কৰণত অৰ্জুন কাপুৰ আৰু জাহ্নৱী কাপুৰ: কিন্তু জাহ্নৱীৰ বিষয়ে  কি ক’লে অৰ্জুনে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2018 9:30 AM GMT

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "কফী উইথ কৰণ" অনুষ্ঠানটোত শেহতীয়াকৈ দেখা গ’ল অৰ্জুন কাপুৰ আৰু জাহ্নৱী কাপুৰক ৷ কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠানটোত ভাগ লৈ অৰ্জুন আৰু জাহ্নৱীয়ে দৰ্শকৰ সন্মুখত তেওঁলোকৰ মনৰ কথা প্ৰকাশ কৰিলে ৷সততে দেখা যায় যে বনী কাপুৰ আৰু প্ৰয়াত শ্ৰী দেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰ আৰু বনী কাপুৰৰ প্ৰথমা পত্নীৰ পুত্ৰ অৰ্জুন কাপুৰৰ সম্পৰ্কটোৰ কথা জানিবলৈ জাহ্নৱী আৰু অৰ্জুনৰ অনুৰাগীসকল উৎসাহী হৈ থাকে ৷

"কফী উইথ কৰণ" অনুষ্ঠানটোত অৰ্জুন কাপুৰে কয় যে, শ্ৰী দেৱীৰ মৃত্যুৰ পিছত তেওঁৰ জীয়ৰী জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰে অকলশৰীয়া অনুভৱ যাতে নকৰে তাৰ কাৰণে অৰ্জুন কাপুৰ জাহ্নৱী আৰু খুশীৰ লগতে আছিল ৷ যিহেতু অৰ্জুন কাপুৰ মাতৃ তথা বনী কাপুৰ প্ৰথমা পত্নী মোনা শোৰী কাপুৰৰ মৃত্যু হয় ২০১২ চনৰ ২৫ মাৰ্চত ৷ গতিকে অৰ্জুন কাপুৰে জানে যে,যেতিয়া নিজৰ আত্মীয়ৰ বিয়োগে মনত কেনে ধৰণে আঘাত দিব পাৰে ৷ সেয়েহে,জাহ্নৱী আৰু খুশীয়ে যাতে সেই আঘাত নাপাওঁক ৷ তাৰ কাৰণে সদা প্ৰস্তুত অৰ্জুন কাপুৰ ৷

অন্যহাতে, অনুষ্ঠানটোত অৰ্জুন কাপুৰে শ্ৰী দেৱীৰ মৃত্যু হোৱা ২০১৮ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীৰ বিশেষ দিনটোৰ কথা সুঁৱৰি কয় যে,শ্ৰী দেৱীৰ মৃত্যু হোৱা সেই নিশাটোত অৰ্জুন কাপুৰৰ ভগ্নী অংশুলা কাপুৰক ফোন যোগে এতিয়া কি কৰিম বুলি প্ৰশ্ন কৰে ৷তেতিয়া অংশুলাই জাহ্নৱী আৰু খুশী ক’ত আছে সোধোতেই,অৰ্জুন কাপুৰে জাহ্নৱী আৰু খুশীক সম্পূৰ্ণ সহাঁৰি দিয়াৰ সিদ্ধান্ত লয় ।

লগতে কয় যে,যদি অৰ্জুন কাপুৰৰ মাতৃ মোনা শোৰী কাপুৰ জীৱিত থাকিল হয় তেন্তে তেওঁ বিপদৰ সময়ত জাহ্নৱী আৰু খুশীক সহায় কৰাটোৱে বিচাৰিলেহেতেন ৷কৰণ জোহৰৰ কফী উইথ কৰণ অনুুষ্ঠানটোত জাহ্নৱী কাপুৰ আৰু অৰ্জুন কাপুৰে বহু কেইটা খেলত আনন্দ হাঁহি ফূৰ্তিৰে অংশ লয়৷

উল্লেখ্য যে, অৰ্জুন কাপুৰ আৰু অংশুলা কাপুৰ হৈছে বনী কাপুৰ আৰু বনী কাপুৰৰ প্ৰথমা পত্নী মোনা শোৰী সন্তান। অন্যহাতে জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ হৈছে বনী কাপুৰ আৰু প্ৰয়াত শ্ৰী দেৱীৰ জীয়ৰী।

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন

Next Story
চাকৰি