এইবাৰ চিটিবাছৰ ভিতৰত যৌন নিৰ্যাতন

এইবাৰ চিটিবাছৰ ভিতৰত যৌন নিৰ্যাতন

গুৱাহাটী মহানগৰীত পুনৰ যৌন নিৰ্যাতনৰ বলি হবলগীয়া হ'ল দুগৰাকী যুৱতী । চিটিবাছৰ ভিতৰতে দুই যুৱতীক এটা লম্পটে যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই সৰ্বত্তে চাঞ্চল্য সৃষ্টি কৰিছে ।

ভঙাগড়ৰ পৰা পল্টনবজাৰ অভিমুখী চিটিবাছত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷লম্পটটোৰ নাম আব্দুল আলী বুলি জানিব পৰা গৈছে । জানিব পৰা মতে লম্পটটোয়ে চিটিবাছৰ ভিতৰত গুপ্তাঙ্গ উলিয়াই অশালীন ইংগিত দিছিল যুৱতী দুগৰাকীকক ।

নৰপিশাচটোৰ ঘৰ উদালগুৰি জিলাৰ কলাইগাঁৱত বুলি জানিব পৰা গৈছে । যুৱতী দ্বয়ৰ লগতে চিটিবাছৰ অন্য যাত্ৰীয়ে লপা থপা দি পল্টন বজাৰ আৰক্ষীক গতাই লম্পটটোক ।

ইতিমধ্যে আৰক্ষীয়ে লম্পটটোক জেৰা অব্যাহত ৰাখিছে। উপস্থিত ৰাইজে সভ্য সমাজক লজ্জানিত কৰা জঘন্য কাণ্ড সংঘটিত কৰা নৰপিশাচটোৰ উচিৎ শাস্তি দাবী কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com