এই বাৰ বলীউডৰ ছবিত দুই জনপ্ৰিয় পিতা-পুত্ৰী: কিন্তু কোন পিতা-পুত্ৰী?

এই বাৰ বলীউডৰ ছবিত দুই জনপ্ৰিয় পিতা-পুত্ৰী: কিন্তু কোন পিতা-পুত্ৰী?

বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু অভিনেত্ৰী সোনম কাপুৰৰ এখন নতুন ছবি হৈছে "এক লড়কী কো দেখা তো এছা লগা" ৷ সদ্যহতে ছবি খনৰ পোষ্টাৰ মুকলি কৰিছে । ছবিখনত অনিল কাপুৰৰ লগতে জীয়ৰী সোনম কাপুৰে অভিনয় কৰিছে ৷ ইফালে "এক লড়কী কো দেখা তো এছা লগা "প্ৰথম পোষ্টাৰ খনত অনিল কাপুৰ আৰু জীয়ৰী সোনম কাপুৰক দেখা গৈছে । ছবিখনত অনিল কাপুৰে সোনম কাপুৰক পিতৃৰ ভূমিকাত অভিনয় কৰিছে ৷ লগতে ছবিখনৰ ট্ৰেইলৰ ৰিলীজ হ’ব ২৭ ডিচেম্বৰত ৷ ইফালে ছবিখনত অনিল কাপুৰ,সোনম কাপুৰৰ বাহিৰেও ৰাজকুমাৰ ৰাও,ৰেজিনা আৰু জুহী চাওলায়ে অভিনয় কৰিছে ৷

অন্যহাতে প্ৰথম বাৰৰ কাৰণে অনিল কাপুৰে জীয়ৰী সোনমৰ লগত এই ছবিখনত অভিনয় কৰিব ৷ছবিখনৰ সন্দৰ্ভত সোনম কাপুৰে কয় যে,"এক লড়কী দেখা তো এছা লগা"ছবিখন আমাৰ দুয়োজনৰ কাৰণে উল্লেখ্যনীয় ছবি৷ ছবিখন মুক্তিৰ পিছত দৰ্শকে ছবিখনত অনিল কাপুৰ আৰু সোনমৰ সম্পৰ্কৰ কথা জানিব পাৰিব ৷ ছবিখনৰ নাম অনিল কাপুৰৰে ১৯৯৪ মুক্তি লাভ কৰা জনপ্ৰিয় ছবি ১৯৪২:এ লভ ষ্ট’ৰীৰ "এক লড়কী কো দেখা তো এছা লগা" সংগীতটিৰ পৰা লোৱা হৈছে ৷ শোলী চোপ্ৰাৰ নিৰ্দেশনা তথা বিধু বিনোদ চোপ্ৰা আৰু ৰাজকুমাৰ হিৰানী প্ৰডাকছনৰ ছবিখনে মুক্তি লাভ কৰিব ফেব্ৰুৱাৰীৰ ১ তাৰিখে ৷

অন্যহাতে,"এক লড়কী কো দেখা তো এছা লগা" ছবিখনৰ কাহিনীটো লভ জেহাদৰ আধাৰত নিৰ্মিত ৷ লগতে এক বিশেষ সূত্ৰ অনুসৰি ছবি খনত এনে বহু দৃশ্য আছে,য’ত দৰ্শক সকলক আকৃষ্ট কৰিব ৷ ইফালে সততে ষ্টাইলিছ লুকত সকলোকে আকৰ্ষণ কৰিব বিছাৰা সোনম কাপুৰে বায়েক ৰিয়া কাপুৰক টেগ কৰি ছ’চিয়েল মিডিয়াত এখন ফ’টো আপলোড কৰিছিল ৷ আৰু ফ’টোখনৰ তলত লিখিছিল যে,মই অত্যন্ত সুখী যে,এগৰাকী অভিনেত্ৰীয়ে নিজৰ নতুন পোচাকযোৰক ছ’চিয়েল মিডিয়াত আপলোড কৰিছে ৷ ইয়াৰ দ্বাৰা নতুন ডিজাইনাৰেও প্ৰচাৰ লাভ কৰে ৷ লগতে সোনমে লিখে যে,মই সুখী যে আমি এই ট্ৰেণ্ডটো আৰম্ভ কৰিলোঁ ৷সোনমে এই ফ’টোখন ছ’চিয়েল মিডিয়াত আপল’ড কৰাৰ লগে লগে যথেষ্ট আলোচনাৰ সন্মুখীন হয় ৷ লগতে বিভিন্ন মন্তব্য কৰে লোকসকলে ৷

উল্লেখ্য যে এক লড়কী কো দেখা তো এছা লগা ছবিখনৰ পোষ্টাৰ অনিল কাপুৰৰ জন্মদিনৰ লগত সংগতি ৰাখি মুকলি কৰা হয় । ২৪ ডিচেম্বৰত বলীউডৰ অভিনেতা অনিল কাপুৰ হ’ল ৬২ বছৰ ৷ এই সন্দৰ্ভত অৰ্জুন কাপুৰে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্চা জনায় খুড়াক অনিল কাপুৰক । ফটো খনৰ কেপছনত অৰ্জুনে লিখে যে ৬২ বছৰ বয়সতো ২৬ বছৰীয়া দেখা মানুহজনৰ জন্মদিনৰ অলেখ শুভেচ্ছা ।

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com