মহানগৰীৰ পৰা কিছু দূৰত্বত ৰাণীত অৱস্থিত এক’লেণ্ডত প্ৰায় দুঘণ্টা ধৰি চলিল অভিযান।বহু লোকে এক’লেণ্ডৰ পানী আৰু অন্যান্য সা-সুবিধাসমূহ ব্যৱহাৰৰ বাবে অনুপযোগী বুলি অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগ মৰ্মে, অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত এক’লেণ্ডত চলিল অভিযান। অভিযানৰ পিছতে এক'লেণ্ডৰ বিভিন্নক্ষেত্ৰত আঁসোৱাহ থকাৰ কথা উল্লেখ কৰিলে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে। আঁসোৱাহ সন্দৰ্ভত তথ্য প্ৰমাণৰ ভিত্তিত পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ উপায়ুক্তই উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে।যিহেতু এ'কলেণ্ড উদ্যান খন সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আদি কৰি ডাঙৰৰ বাবে খেলা-ধূলাৰ লগতে আজৰি সময় কটোৱাৰ এক কেন্দ্ৰস্থল সেয়ে এনে উদ্যান তথা ঠাইৰ প্ৰতি ৰাইজৰ বাবে ৰাইজ তথা প্ৰশাসনীয় বিভাগ কঠোৰ হ'বই লাগিব।
Begin typing your search above and press return to search.