Begin typing your search above and press return to search.
এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল ডিব্ৰুগড়ত

দেওবাৰে ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ডিব্ৰুগড়ৰ আটাইতকৈ পুৰণি কাপোৰৰ দোকান জগদীশ ক্লথ ষ্ট’ৰ জাহ যায় ৷অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷কিন্তু বহু সময়ৰ পিছতহে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে ৷
এক বিশেষ সূত্ৰৰ মতে কাপোৰ আৰু কাগজে অগ্নিৰ পৰিমাণ অত্যাধিক কৰি তোলে ৷ ইফালে অগ্নি কাণ্ডটোত প্ৰায় কোটি টকাৰ ক্ষয় ক্ষতি হোৱাৰ সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ড সংঘটিত হোৱা ষ্টৰ খনৰ কাষত থকা আৱাষিক অঞ্চলত ক্ষয় ক্ষতিৰ তথ্য পোৱা নাই ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story