ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা এছিয়ান গেমছত মহিলা শাখাত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিছে মল্লযুঁজাৰু ভিনেশ ফগতে।৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাৰ ফাইনেলত তাৰকা মল্লযুঁজাৰু গৰাকীয়ে জাপানৰ য়ুকি ইৰিক ৬-২ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে।বজৰং পুনিয়াৰ পাছত স্বৰ্ণ জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় হিচাপে পৰিগনিত হৈছে ভিনেশ ফগত।এতিয়ালৈ ভাৰতে ২টা স্বৰ্ণ, ২টা ৰূপ আৰু এটা ব্ৰুঞ্জ দখল কৰিছে।এতিয়ালৈ ভাৰতে পাঁচটা পদকেৰে অষ্টম স্থান দখল কৰাৰ বিপৰীতে চীনে ১৫ টা স্বৰ্ণ, ১১ টা ৰূপ আৰু ৯ টা ব্ৰুঞ্জৰ সহায়ত শীৰ্ষ স্থান দখল কৰিছে।
Begin typing your search above and press return to search.