ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ অনুস্থিত হৈ থকা এছিয়ান গেমছত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিলে মল্ল যুঁজাৰু বজৰং পুনিয়াই।৬৫ কিলোগ্ৰাম শাখাত ভাগ লোৱা পুনিয়াই ফাইনেলত জাপানৰ মল্লযুঁজাৰু ডাইচি টাকাটানিক ১১-৮ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে।পুনিয়াই দ্বিতীয় বাৰৰ বাবে এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰে, ২০১৪ চনৰ এছিয়ান গেমছতো ৬১ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয় কৰিছিল।বজৰং পুনিয়াৰ এই ঐতিহাসিক বিজয়ৰ পিছতে কেন্দ্ৰীয় খেলমন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে অভিনন্দন জ্ঞাপন কৰে মল্লযুঁজাৰু গৰাকীক।পুনিয়াই তেওঁৰ স্বৰ্ণপদক সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ উচৰ্গা কৰিছে বুলি টুইটাৰ যোগে জানিবলৈ দিলে।
Begin typing your search above and press return to search.