
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা ১৮ সংখ্যক এছিয়ান গেমছত ভাৰতীয় দৌৰবিদ জিনছন জনছনে কঢ়িয়ালে সোণৰ পদক।১৫০০ মিটাৰ দৌৰত ঐতিহাসিক স্বৰ্ণ পদক জয় কৰে খেলুৱৈ গৰাকীয়ে।ইয়ালে ডিছকাছ থ্ৰ'ত সীমা পুনিয়াই ব্ৰঞ্জ পদক জয় কৰিছে।ভাৰতীয় হকী দলে আশাহত কৰিছে ভাৰতীয় ক্ৰীড়াপ্ৰমীৰ।ছেমিফাইনেলত মালেছিয়াৰ বিৰুদ্ধে ৬-৭ গ'লত পৰাস্ত হৈছে ভাৰতীয় দলটোৱে।এতিয়ালৈ ভাৰতে ১১ টা স্বৰ্ণ পদক ২০ টা ৰূপৰ পদক আৰু ২৪ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৫৫ টা পদক অৰ্জন কৰিছে।