Begin typing your search above and press return to search.

এছিয়ান গেমছত ৰূপৰ পদক লাভ পি ভি সিন্ধুৰ

এছিয়ান গেমছত ৰূপৰ পদক লাভ পি ভি সিন্ধুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2018 10:06 AM GMT

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেমছৰ বেটমিন্টনৰ একক শাখাৰ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হল ভাৰতৰ তাৰকা বেটমিন্টন খেলুৱৈগৰাকী পি ভি সিন্ধু। চাইনীজ টাইপেইৰ খেলুৱৈ টাই জুয়িঙৰ হাতত ২১-১৩ ২১-১৬ ব্যৱধানত পৰাস্ত হয় সিন্ধু।ইফালে চাইনা নেহৱালে লাভ কৰিছিল ব্ৰঞ্জৰ পদক লাভ কৰা লগতে পুৰুষৰ দলীয় শাখাতো ৰূপৰ পদক লাভ। দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত ভাৰতীয় দলটো। দলটোত আছিল অভিষেক বাৰ্মা, অমন চাইনি আৰু ৰজত চৌহান। আৰ্চাৰীৰ পুৰুষৰ কম্পাউণ্ড শাখাতো ৰূপৰ পদক লাভ ভাৰতৰ। টেবুল টেনিচতো পুৰুষৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক দখল ভাৰতৰ। ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত ভাৰতীয় দলটো। এইপৰ্যন্ত ভাৰতে ৪৫টা পদক লাভ কৰিছে। ৮টা সোণ, ১৬টা ৰূপ আৰু ২১টা ব্ৰঞ্জৰ পদক দখল ভাৰতৰ।

Next Story