ৰিঅ' অলিম্পিকত জিমনাষ্টিকত চতুৰ্থ স্থান অধিকাৰ কৰি সকলোৰে নয়নৰ মনি হৈ পৰা ত্ৰিপুৰাৰ জিমনাষ্ট দীপা কৰ্মকাৰ এছিয়ান গেমছৰ দলীয় শাখাৰ বাবে অনিশ্চিত হৈছে।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা এছিয়ান গেমছৰ অনুশীলনৰ সময়ত আঁঠুত আঘাত পাইছিল দীপাই। শীঘ্ৰে খেলুৱৈগৰাকী সুস্থ হৈ উঠিব বুলি আশাবাদী প্ৰশিক্ষক বি এছ নন্দী। শুকুৰবাৰে ব্যক্তিগত শাখাৰ ফাইনেলত অংশ ল’ব দীপাই। টীম ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব অৰুণা বুদ্দা ৰেড্ডী, প্ৰণতি দাস, প্ৰণতি নায়ক আৰু মন্দিৰা চৌধুৰীয়ে। ইয়াৰ পূৰ্বে আঘাতৰ বাবেই দুবছৰ খেলৰ পৰা আঁতৰি আছিল দীপা কৰ্মকাৰ।
Begin typing your search above and press return to search.