
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ যোৱা ১৮ সংখ্যক এছিয়ান গেমছত পদক অৰ্জন কৰা খেলুৱৈ সকলক অভিনন্দন জ্ঞাপন কৰা লগতে তেওঁলোকৰ লগত বাৰ্তালাপত মিলিত হয়।নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ত অনুস্থিত কাৰ্য্যসুচীত এছিয়ান গেমছৰ ইতিহাসত এইবাৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে যুৱ প্ৰতিভা সমূহ সৰু চহৰ, গ্ৰামাঞ্চল আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা বৃদ্ধি পাইছে।বহুত গ্ৰামাঞ্চলৰ খেলুৱৈয়ে ক্ৰিয়া ক্ষেত্ৰত দেশৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে।সেই প্ৰতিভা সকলক বিচাৰি উলিয়াই সা-সুবিধা প্ৰদান কৰা হব।এছিয়ান গেমছত এইবাৰ আগৰ ৬৫ টা পদকৰ ৰেকৰ্ড ভংগ কৰি ১৫ টা স্বৰ্ণ পদক, ২৪ টা ৰূপৰ পদক সহ মুঠ ৬৯ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়।