নগাঁও ধিং তথা অসমকন্যা হিমা দাসে এছিয়ান গেমছৰ মিক্সড টীম ৰীলেত অংশ ল’ব নোৱাৰিব। সময়ৰ অসুবিধাৰ বাবে জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেম্ছৰ ৪X৪০০মিটাৰ মিক্সড টীমত ৰীলেত অংশ নলয় স্বৰ্ণকন্যা হিমাই। ২০০ মিটাৰ দৌৰ আৰু ৪X৪০০ মিটাৰ মিক্সড টীম ৰীলেৰ সময় সীমিত। দুয়োখন প্ৰতিযোগিতাত হিমা দাসে অংশ ল’লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব, সেয়ে মিক্সড টীম ৰীলেৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলগা হয় হিমা দাসৰ। অৱশ্যে ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত ভাগ ল’ব ধিঙৰ হিমা দাসে।
Begin typing your search above and press return to search.