এছিয়ান যোগ ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ জয় নগাঁৱৰ পঞ্চী বৰাৰ

এছিয়ান যোগ ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ জয় নগাঁৱৰ পঞ্চী বৰাৰ
Published on

ধিং এক্সপ্ৰেছ হিমা দাসৰ পাছত আকৌ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজলাবলৈ সক্ষম হল অসমৰ অন্য এগৰাকী কন্যাই । কেৰেলাত অনুষ্ঠিত হোৱা অষ্টম এছিয়ান যোগ ক্ৰীড়া প্ৰতিযোগিতাত আৰ্টিষ্টিক চ'ল' বিভাগত দেশৰ হৈ প্ৰতিদন্দ্বিতা কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় নগাঁৱৰ পুৰণিগুদামৰ জীয়ৰী পঞ্চী বৰাই।

আন্তৰ্জাতিক মানদণ্ডৰ যোগ-ক্ৰীড়া প্ৰতিযোগিতা খনত ভাগ লৈছিল এছিয়াৰ বহু সংখ্যক দেশে। প্ৰতিযোগিতা খনত অসমৰ পৰা অংশ গ্ৰহণ কৰা নগাঁৱৰ উদীতাৰাণী বৰাই ৰূপৰ পদক, তেজপুৰ হৰ্ষিতা গোস্বামীয়েও ৰূপৰ পদকৰ লগতে শিৱসাগৰ আস্থা বৰাই তামৰ পদক অৰ্জন কৰি আৰ্ন্তজাতিক যোগ-ক্ৰীড়া ক্ষেত্ৰ খনৰ পৰা অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হ'ল অসমৰ মুঠ পাঁচ গৰাকীকৈ খেলুৱৈয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com