Begin typing your search above and press return to search.

এজনৰ মৃত্যু,১৪জন লোক আহত

এজনৰ মৃত্যু,১৪জন লোক আহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2018 10:48 AM GMT

যোৱা সোমবাৰে বিশ্বকৰ্মা পূজাৰ দিনা যোৰহাট জিলাৰ টাউনত পথ দূৰ্ঘটনাত এজন লোকৰ মৃত্যু হয় আৰু ১৪জন লোক আহত হয়।মৃদল গগৈ নামৰ এজন যুৱক শিৱসাগৰৰ জামুগুৰিৰ কোনো সম্পৰ্কীয় ঘৰৰ পৰা আহি থকা সময়তে ন-আলী পথৰ বলিয়াগোঁহাই পুখুৰীৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হয় যুৱক জন থিতাতে নিহত হয়।

দ্বিতীয় টো দূৰ্ঘটনা,ৰঞ্জিত নেওগ নামৰ এজন ব্যক্তিয়ে স্কূটীৰে আন এজন বাইকৰোহীক খুন্দিয়াই,পৰৱৰ্ত্তী সময়ত আৰক্ষীয়ে বাহন দুখন জব্দ কৰে। আনটো দূৰ্ঘটনা হৈছে, এজন বাইকৰোহী মিতু কলিতা নামৰ ব্যক্তি এজনে যাত্ৰীবাহী এপে এখন খুন্দা মৰাৰ ফলত বাহন খনৰ তিনিজন কৈ যাত্ৰী গুৰুতৰ ভাৱে আহত হয়,পিছলৈ আহত ব্যক্তি কেইগৰাকীক ওচৰৰ হাস্পাতালত ভৰ্তি কৰোৱাই।

উত্তম বৰুৱা নামৰ যুৱক এজনেও সঞ্জীৱনী হাস্পাতালৰ সমীপত আই১০ মাৰুতি গাড়ী এখনত খুন্দা মাৰে।উত্তম বৰুৱা গুৰুতৰ ভাৱে আহত হয় সেয়ে ওচৰৰ হাস্পাতালত ভত্তি কৰোৱা হয়।

Next Story
চাকৰি