Begin typing your search above and press return to search.
এডভান্টেজ আসামৰ ষ্টেটাচ ৰিপৰ্ট দাবী কংগ্ৰেছৰ

সোনোৱাল চৰকাৰৰ পৰা ফেব্ৰুৱাৰীত ৰাজ্যত অনুস্থিত হোৱা এডভান্টেজ আসামৰ গ্লোৱেল ইনভেষ্টচ চামিটৰ ষ্টেটাচ ৰিপৰ্ট বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে।ৰাজ্য চৰকাৰে দাবী কৰিছিল প্ৰায় এক লাখ কোটি টকা ৰাজ্যৰ বিভিন্ন বিভাগত বিনিয়োগ কৰা হব।প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই দাবী কৰি কয় যে গ্লোৱেল চামিটৰ সময়ত চৰকাৰে যিমান টকা খৰচ কৰিলে তাৰ পাছৰ ফলাফল কিন্তু শূন্য সকলো ফুটুকাৰ ফেনতহে পৰিনত হৈছে।বৰাই লগতে কয় যে অসমৰ উদ্যোগৰ উৎপাদন কমিহে আহিছে,এতিয়া অসম ভাৰতবৰ্ষত ভিতৰত ১৭নং হে আছে।অসমত ৰতন টাটাই ১৯ খন কেঞ্চাৰ চিকিৎসালয় নিৰ্মান কৰা কথাও সন্দেহৰ আবৰ্তত।ৰিপুন বৰাই কেন্দ্ৰক সমালোচনা কৰি কয় যে উত্তৰপূৰ্বাঞ্চল পৰিষদৰ প্লেনাৰী চেচন মোডী চৰকাৰ অন্য এখন নাটকৰ বাহিৰে একো নহয়।
Next Story