Begin typing your search above and press return to search.
এনআৰচিত নাম অন্তৰ্ভূক্ত নোহোৱা সকলে ভোট প্ৰদান কৰিব পাৰিব : নিৰ্বাচনী সমিতি

দেশৰ নিৰ্বাচনী সমিতিয়ে কৈছে যে যিসকল লোকৰ নাম অসমৰ এনআৰচিৰ পৰা বাদ পৰিছে তেওঁলোকে ২০১৯ লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰিব পাৰিব যদি তেওঁলোক নিৰ্বাচনী সমিতিৰ আইন মতে যোগ্য হয়।লোকসভা নিৰ্বাচনৰ আগত এনআৰচিৰ কাম সম্পূৰ্ণ নহয় বুলি জানিব পৰা গৈছে।নিৰ্বাচনী সমিতিৰ মুখ্য সচিব অউ পি ৰাৱাটে কয় যে যদি নিৰ্বাচনৰ যোগ্যতা থকা লোকে ভোট প্ৰদান কৰিব পাৰিব,যদিও নাম এনআৰচিত অন্তৰ্ভূক্ত হোৱা নাই কাৰন এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ হবলে এতিয়াও বাকী আছে।এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ পাছত লোকসকলক বিদেশী ঘোষণা কৰা পাছতহে ভোট প্ৰদান কৰিব নোৱাৰিব।
Next Story