Begin typing your search above and press return to search.

এনআৰচিত ৩৯ টা পৰিয়ালৰ ২০০ জন সন্দেহজনক লোকৰ নাম অন্তৰ্ভূক্ত

এনআৰচিত ৩৯ টা পৰিয়ালৰ ২০০ জন সন্দেহজনক লোকৰ নাম অন্তৰ্ভূক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:02 AM GMT

এনআৰচিত মৰিগাওঁ জিলাৰ ৩৯ টা পৰিয়ালৰ ২০০ জন সন্দেহজনক লোকৰ নাম অন্তৰ্ভূক্ত হোৱাৰ তথ্য পোৱা গৈছে।প্ৰাপ্ত তথ্য অনুসৰি বিদেশী ঘোষিত,ভোট প্ৰদান কৰা সন্দেহজনক নাগৰিক আৰু যিসকল লোকৰ বিদেশী ন্যায়াধিৰনত গোচৰ চলি আছে সেইসকলৰ নামো এনআৰচিত অন্তৰ্ভূক্ত হোৱা বুলি জানিব পৰা গৈছে।এনআৰচি প্ৰকাশৰ পাছত এই বিসংগতি পোহৰলৈ আহিছে মৰিগাওঁ জিলা প্ৰশাসনৰ বিজ্ঞপ্তি জড়িয়তে।প্ৰশাসনে ইতিমধ্যে এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাক বিজ্ঞপ্তি প্ৰেৰণ কৰিছে।যিসকল সন্দেহজনক লোকৰ নাম ২০১৭ চনত প্ৰকাশ পোৱা প্ৰথম খচৰা খনত অন্তৰ্ভূক্ত হৈছিল,সেইসকলৰ নাম চূড়ান্ত খচৰাত বাদ পৰিছে বুলি জানিব পৰা গৈছে।মৰিগাওঁ জিলাৰ উপায়ুক্ত হেমেন দাসে কৈছে যে নিয়ম অনুসৰি এই সন্দেহজনক লোক সকলৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব নালাগে,আমি বিষয়টো ভালদৰে বিশ্লেষন কৰিছো কেনেকে লোক সকলৰ নাম অন্তৰ্ভূক্ত হৈছে এনআৰচি চূড়ান্ত খচৰা খনত,আমি ইতিমধ্যে বিষয়টো এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাক অৱগত কৰিছো।প্ৰতীক হাজেলাই বিষয়টো সন্দৰ্ভত কৈছে যে এনআৰচি পূৰ্ণাঙ্গ খচৰাৰ কাম হৈ আছে,আমি গোটেই বিষয় বিলাক ভালদৰে বিশ্লেষন কৰিম,তাৰ পাছত এনে সন্দেহজনক নাগৰিকৰ নাম পূৰ্ণাঙ্গ এনআৰচিৰ পৰা বাদ পৰিব।

Next Story
চাকৰি