Begin typing your search above and press return to search.

এনআৰচিৰয়ে অবৈধ নাগৰিকক ভাৰতীয়ৰ পৰা বিভক্ত কৰিব : সোণোৱাল

এনআৰচিৰয়ে অবৈধ নাগৰিকক ভাৰতীয়ৰ পৰা বিভক্ত কৰিব : সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2018 8:13 AM GMT

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিছে যে এনআৰচিৰ জড়িয়তে প্ৰকৃত ভাৰতীয় নাগৰিক আৰু অবৈধ নাগৰিকৰ মাজত বিভক্ত কৰা হব।এনআৰচিৰ পৰা কোনো ভাৰতীয়ৰ নাম বাদ নপৰে। এনআৰচিৰ আবেদন আৰু দাবী জনোৱাৰ সময়ত যাতে কামখিনি সচ্চ আৰু নিকাভাৱে হবৰ বাবে ষ্টেনডাৰড অপাৰেটিং প্ৰচেডিয়োৰ গঠনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অতিৰিক্ত কাম কৰিছে। উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত এন আৰ চিৰ প্ৰক্ৰিয়া অতি নিকাভাৱে সম্পন্ন কৰা হৈছে। এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অহা নাই তেওঁলোকে পুনৰ আৱেদন আৰু দাবী জনোৱাৰ সুযোগ লাভ কৰিব।যিসকলে সঠিক প্ৰমান পত্ৰ দিব পাৰিব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ১৯৮৫ বৰ্ষত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত অসম চুক্তিৰ আধাৰত এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ২০০৫ বৰ্ষত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালৰ সময়ত এনআৰচি উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

Next Story
চাকৰি