Begin typing your search above and press return to search.

এনআৰচিৰ নামত কেৱল ৰাজনীতি কৰিছে মমতাই,কোনধৰনৰ আবেগ জড়িত নাই : অখিল গগৈ

এনআৰচিৰ নামত কেৱল ৰাজনীতি কৰিছে মমতাই,কোনধৰনৰ আবেগ জড়িত নাই : অখিল গগৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2018 12:13 PM GMT

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি তথা কৃষক নেতা অখিল গগৈয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এনআৰচি সম্পৰ্কত কৰা মন্তব্যক তীব্য ভাষাৰে নিন্দা কৰি কয় যে মমতা বেনাৰ্জী এনআৰচিৰ নামত কেৱল ৰাজনীতি কৰিছে,কোনোধৰনৰ আবেগ তেওঁৰ মন্তব্যত জড়িত নাই।কৃষক নেতা অখিলে মমতাক সকিয়নি প্ৰদান কৰি কয় যে অসমত সংঘৰ্ষ সৃষ্টিৰ লগতে অসমৰ এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ প্ৰকিয়াৰ পৰা দূৰত অৱস্থান কৰক। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰছৰ সচিব মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কৈছিল যে এনআৰচি নামত চৰকাৰখনে বেংগলীভাষী জনতাক লক্ষ্য কৰি লৈছে।অসমত বিজেপি চৰকাৰে কেৱল বেংগলীভাষী লোকসকলক এনআৰচি নামত হাৰাশাস্তি কৰা হৈছে।

Next Story
চাকৰি