Begin typing your search above and press return to search.

এনআৰচিৰ প্ৰকাশৰ কাম অতি সচ্চভাৱে কৰা হৈছে : সৰ্বানন্দ সোণোৱাল

এনআৰচিৰ প্ৰকাশৰ কাম অতি সচ্চভাৱে কৰা হৈছে : সৰ্বানন্দ সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2018 7:52 AM GMT

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ পাছত এনআৰচি কৰ্তৃপক্ষৰ লগতে সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।লগতে ৰাজ্যখনত শান্তি-সমৃদ্ধি বৰ্তাই ৰাখিবলৈ আহ্বান জনাই।মুখ্যমন্ত্ৰীজনে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে এনআৰচি সকলো কাম দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ লগতে ভাৰতৰ ৰেজিষ্টাৰ জেনৰেল,ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাইজৰ সহযোগত অতি সচ্চ আৰু নিকাভাৱে কৰা হৈছে।মুখ্যমন্ত্ৰীজনে লগতে কয় প্ৰকাশ পোৱা এনআৰচি খন খচৰাহে,চূড়ান্ত নহয়।বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব,প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।

Next Story
চাকৰি