Begin typing your search above and press return to search.

এনআৰচিৰ প্ৰকাশৰ দিনা শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিলে উদালগুৰিত

এনআৰচিৰ প্ৰকাশৰ দিনা শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিলে উদালগুৰিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2018 8:31 AM GMT

উদালগুৰি জিলা সাক্ষী হৈ ৰ'ল যোৱাকালি প্ৰকাশ পোৱা ঐতিহাসিক এনআৰচিৰ সম্পূৰ্ণ খচৰা।বৃহৎ সংখ্যৰ মুঠ ৮,৭৬,০৩০লাখ আৱেদন প-পত্ৰৰ ভিতৰত ৭,৪৮,৮০৩লাখ লোকৰ প-পত্ৰ এনআৰচিৰ কৰ্তৃপক্ষই গ্ৰহন কৰাৰ বিপৰীতে প্ৰায় ১,২৭,২২৭লাখ লোকৰ নাম বাদ পৰিল এনআৰচিৰ পৰা।

এন আৰ চিৰ প্ৰকাশ পোৱাৰ পিছতে উদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে মত প্ৰকাশ কৰি কয় যে যিসকল লোকৰ নাম এন আৰ চিৰ শেহতীয়া তথা সম্পূৰ্ণ খচৰাত প্ৰকাশ নাপালে তেওঁলোকে আগষ্টৰ ৭তাৰিখৰ পৰা চেপ্তেম্বৰ ২৮তাৰিখৰ ভিতৰত এল আৰ চি আৰৰ এনআৰচিৰ সেৱা কেন্দ্ৰত আৱেদন দাখিল কৰি কি কাৰণত তেওঁলোকৰ নাম এন আৰ চিত প্ৰকাশ নাপালে সেই সম্বন্ধে জানিব পাৰিব।

কোনো ব্যক্তিয়ে যদি এনআৰচি জড়িত কোনো অভিযোগ নাইবা ভূল-ক্ৰূটি দাখিল কৰিব বিচাৰে তেন্তে এনআৰচিৰ সেৱা কেন্দ্ৰ নাইবা এনআৰচিৰ ৱেবচাইট https://nrcassam.nic.in পৰা প-পত্ৰ ডাউনলোড কৰিব পাৰিব লগতে সেই আবেদন পত্ৰ জমা দিয়াৰ পূৰ্বেই এলআৰচিআৰক তথ্যপাতিৰ সৈতে আগষ্টৰ ৩০তাৰিখৰ পৰা ২৮চেপ্তেম্বৰৰ ভিতৰত জমা দিব লাগিব।

Next Story
চাকৰি