এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা যিসকল লোকৰ নাম বাদ পৰিছে সেইসকল লোকক কোনোধৰনৰ বলপ্ৰয়োগ নকৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিছে।এনআৰচিত ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জন লোকৰ নাম বাদ পৰিছিল।সকলো।আবেদনকাৰীৰ নাম কেন্দ্ৰৰ হৈ অটৰ্নি জেনেৰেল কেকে বেনুগোপালে প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত জমা দিছে।ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিংটন এফ নাৰিমানৰ উচ্চতম ন্যায়ালয়ৰ সত্ৰ ন্যায়ালয়ে কৈছে যে আমি এই সময়ত কোনোধৰনৰ মন্তব্য প্ৰকাশ নকৰো,কিন্তু আমাৰ মৌনতাৰ অৰ্থ এইটো নহয় যে আমি সন্মতি প্ৰকাশ কৰিছো বা চুক্তিত সাক্ষ্যৰ কৰিছো বা আশ্বাস প্ৰদান কৰিছো,আমি বিষয়টোক বিবেচনা কৰিম।লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক আবেদন আৰু দাবীৰ কাম নিকা আৰু সচ্চভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।
এনআৰচিৰ পৰা নাম বাদ পৰা সকলৰ বিৰুদ্ধে কোনোধৰনৰ বল প্ৰয়োগ কৰা নহয় : উচ্চতম ন্যায়ালয়

Next Story