অসমত বঙালী মুছলমান সংখ্যালঘুসকলৰ ভৱিষ্যতৰ বিষয়ে উদ্বিগ্নতা প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰ চাৰি জন বিশেষ ৰেপ'টিয়াৰে দেশৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজলৈ এখন চিঠি পঠায় আৰু ৬০ দিনৰ ভিতৰত তথ্য বিচাৰে। এই চিঠিখনত তেওঁলোকে ভাৰত চৰকাৰক এনআৰচি উন্নীতকৰণৰ ক্ষেত্ৰত এটা সমীক্ষা কৰি এই খচৰাখন কাৰ্য্যকৰী কৰোতে যাতে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ মানদন্দ্ব ৰক্ষা কৰা হয় তাৰ বাবে আবেদন জনায়। এই চিঠিখনত ৰাষ্ট্ৰসংঘৰ মূখ্য কাৰ্য্যালয়ৰ সংখ্যালঘু বিষয়ক বিশেষ ৰেপ'টিয়াৰ ফাৰনাড ডি ভাৰেনাচ, সমসাময়িক বৰ্ণবাদ, বৰ্ণভিত্তিক ভেদভাৱ, জেন'ফ'বিয়া আৰু ইনট'লাৰেন্স বিষয়ক বিশেষ ৰেপ'টিয়াৰ ই তেণ্ডাই আচিয়ুম, মতামত প্ৰকাশৰ অধিকাৰৰ প্ৰচাৰৰ বিষয়ক বিশেষ ৰেপ'টিয়াৰ ডেয়িদ কায়ে আৰু ধৰ্মীয় স্বাধীনতা আৰু বিশ্বাস বিষয়ক বিশেষ ৰেপ'টিয়াৰ আহমেদ চাহিদে চহী কৰে।
Begin typing your search above and press return to search.