Begin typing your search above and press return to search.

এনআৰচি উন্নীতকৰন অতি গুৰুত্বপূৰ্ণ পৰ্য্যায়ত

এনআৰচি উন্নীতকৰন অতি গুৰুত্বপূৰ্ণ পৰ্য্যায়ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2018 7:01 AM GMT

বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনত হোৱা অসমৰ খিলঞ্জীয়া সকলৰ ৰক্ষা কৱচ স্বৰূপ এনআৰচি উন্নীতকৰন অতি গুৰুত্বপূৰ্ণ পৰ্য্যায়ত আহি উপস্থিত হৈছে।সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যৰ এনআৰচিৰ সেৱা কেন্দ্ৰ সমূহত দাবী উত্থাপন আৰু আপত্তি দৰ্শোৱাৰ প্ৰ-পত্ৰ বিতৰনৰ কাম আৰম্ভ হৈছে।

দেশৰ গৃহ মন্ত্ৰালয়ে জানিবলৈ দিছিল যে দেশৰ উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত এন আৰ চিৰ প্ৰক্ৰিয়া অতি নিকাভাৱে সম্পন্ন কৰা হৈছে। এনআৰচিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অহা নাই তেওঁলোকে পুনৰ আৱেদন আৰু দাবী জনোৱাৰ সুযোগ লাভ কৰিব।যিসকলে সঠিক প্ৰমান পত্ৰ দিব পাৰিব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব।প্ৰকৃত ভাৰতীয় নাগৰিকে কেতিয়াও এনআৰচিৰ পৰা নাম বাদ নপৰে।

৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাত ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল। ১৯৮৫ বৰ্ষত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত অসম চুক্তিৰ আধাৰত এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ২০০৫ বৰ্ষত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালৰ সময়ত এনআৰচি উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।৩০ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত প্ৰ-পত্ৰ সমূহ জমা লব এনআৰচি সেৱা কেন্দ্ৰ সমূহে।

Next Story
চাকৰি